VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

তিনিমাহত অশান্ত মণিপুৰৰ পৰা ৩০ জন নিৰুদ্দেশ, শাম কটা নাই হিংসাত্মক পৰিস্থিতি

voicedesk by voicedesk
August 2, 2023
in মুখ্য সংবাদ
তিনিমাহত অশান্ত মণিপুৰৰ পৰা ৩০ জন নিৰুদ্দেশ, শাম কটা নাই  হিংসাত্মক পৰিস্থিতি
0
SHARES
21
VIEWS
Share on FacebookShare on Twitter

মণিপুৰৰ হিংসাৰ আন এক ভয়ানক ছবি পোহৰলৈ আহিছে। শেহতীয়াকৈ বিগত তিনিমাহত সেই ৰাজ্যৰ পৰা ৩০ জন ব্যক্তি নিৰুদ্দেশ হৈছে। তেওঁলোকৰ সন্ধান উলিয়াবলৈ অভিযান চলোৱা হৈছে যদিও এতিয়ালৈকে কোনো  এজন লোককে উদ্ধাৰ কৰিব পৰা নাই। এনে পৰিস্থিতিত নিৰুদ্দেশ হোৱা লোকসকলৰ পৰিয়ালে হতাশাত ভুগিবলৈ আৰম্ভ কৰিছে ৷

 

নিৰুদ্দেশ হোৱা লোকৰ তালিকাত জ্যেষ্ঠ সাংবাদিকৰ লগতে ছাত্ৰ-ছাত্ৰীও অন্তৰ্ভুক্তহৈ আছে । ৩ মে’ৰ পৰা মণিপুৰত সাম্প্ৰদায়িক হিংসাৰ সৃষ্টি হৈছে। এই সময়ছোৱাত সেই ৰাজ্যত কেইবাটাও হত্যাকাণ্ড, দলৱদ্ধ সংঘৰ্ষ পোহৰলৈ আহিছে। ৰাজ্য প্ৰশাসনৰ তথ্য অনুসৰি ইতিমধ্যে ৬০০০ এফআইআৰ দাখিল কৰা হৈছে। এই এজাহাৰৰ পৰা জানিব পৰা গৈছে যে এতিয়ালৈকে ৩০ জন লোকৰ সন্ধান পোৱা নাই। অৱশ্যে এই সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

 

৬ মে’ৰ পৰা সন্ধানহীন হৈ আছে সাংবাদিক, গৱেষক তথা সমাজকৰ্মী অটম সমৰেন্দ্ৰ সিং। তেওঁৰ সহযোগী যমখৈবাম কিৰণকুমাৰ সিংকো পোৱা নগ’ল। সমৰেন্দ্ৰৰ পত্নী কবিতাই কয় যে তেওঁৰ স্বামীয়ে ৰাজ্যৰ হিংসাত্মক অঞ্চললৈ গৈ বাতৰি সংগ্ৰহ কৰিছিল। পৰিয়ালটোৱে তেওঁৰ উভতি অহাৰ বাবে অপেক্ষা কৰি আছে। সমৰেন্দ্ৰৰ পুত্ৰ থিয়েনবাৰ ভাষাত, “দেউতাই বিচাৰিছিল মই এজন বিজ্ঞানী হওঁ। পৰিয়ালত দেউতা আছিল একমাত্ৰ উপাৰ্জনকাৰী। দেউতা কেতিয়া ঘূৰি আহিব নাজানো।”

 

১৭ বছৰীয়া হিজাম লুয়াংবি লিন্থোইংগাম্বিয়ে চিকিৎসক হোৱাৰ সপোন দেখিছিল। ৬ জুলাইৰ পুৱা সান্ধ্য আইন আংশিকভাৱে শিথিল কৰাৰ পিছত তেওঁ ভাবিলে পৰিস্থিতি স্বাভাৱিক হৈ পৰিছে। গতিকে প্ৰায় দুমাহৰ পিছত বন্ধুৰ বাইকত নেট কোচিং লবলৈ ওলাই গ’ল। কিন্তু তেওঁ আৰু উভতি নাহিল ৷ চুৰাচান্দপুৰ জিলাত হিজামৰ ফোন উদ্ধাৰ হোৱাৰ বিপৰীতে বিষ্ণুপুৰ জিলাত তেওঁৰ বন্ধুৰ ফোন উদ্ধাৰ হয়।

 

৩ মে’ত ছাত্ৰ সংগঠন ‘অল ট্ৰাইবেল ষ্টুডেন্টছ ইউনিয়ন অৱ মণিপুৰ’ (ATSUM)ৰ কাৰ্যসূচীক কেন্দ্ৰ কৰি মণিপুৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। সেইদিনা ৰাতিৰ পৰাই সংখ্যাগৰিষ্ঠ মেইটেই জনজাতি গোটৰ অন্তৰ্গত কুকিসকলৰ লগত বিভিন্ন অঞ্চলত সংঘৰ্ষত লিপ্ত হয়। তাৰ পাছত তিনিমাহ পাৰ হৈ গ’ল যদিও এতিয়াও পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহা নাই ৷

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

১০ বছৰ পূৰ্বে মৃত শিক্ষকৰ নামত সাত কোটি টকাৰ আয়কৰ জাননী! স্তম্ভিত পৰিয়াল

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
১০ বছৰ পূৰ্বে মৃত শিক্ষকৰ নামত সাত কোটি টকাৰ আয়কৰ জাননী! স্তম্ভিত পৰিয়াল

১০ বছৰ পূৰ্বে মৃত শিক্ষকৰ নামত সাত কোটি টকাৰ আয়কৰ জাননী! স্তম্ভিত পৰিয়াল

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7