এটা দলিত পৰিয়ালৰ দুই ভগ্নীক দলৱদ্ধ ধর্ষণ কৰি হত্যা কৰা ঘটনাই জোকাৰি গৈছে উত্তৰ প্ৰদেশ ৷ ৰাজ্যখনৰ লখিমপুৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা ৷ ১৭ আৰু ১৫ বছৰীয়া দুগৰাকী দলিত ভগ্নীক গছত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হয় ৷ এই ঘটনাৰ পাছতে ৬ জন যুৱকক এই ধৰ্ষণ আৰু হত্যাৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰে চাৰি অভিযুক্তই দুই ভগ্নীক ডিঙি চেপি হত্যা কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
এই ভয়ংকৰ ঘটনা সংঘটিত কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা লোককেইজন হৈছে চুহেইল, জুনাইদ, হাফিজুল ৰেহমান, কৰিমুদ্দিন আৰু আৰিফ। এই লোকসকলৰ লগত দুই ভগ্নীক চিনাকি কৰাই দিয়া ছটু নামৰ আন এজন লোককো গ্ৰেপ্তাৰ কৰা হৈছে।
জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ সুমনে সাংবাদিকৰ আগত প্ৰকাশ কৰা অনুসৰি দুই ভগ্নীক কুঁহিয়াৰৰ পথাৰলৈ নি চুহেইল আৰু জুনাইদে ধৰ্ষণ কৰে।বিষয়াগৰাকীয়ে কয়, “যেতিয়া দুই ভগ্নীয়ে বিয়াৰ বাবে জোৰ দিছিল, তেতিয়া চুহেইল আৰু জুনেইদে দোপট্টাৰে ডিঙি চেপি হত্যা কৰে। তাৰ পিছত কৰিমুদ্দিন আৰু আৰিফে সেই স্থানলৈ আহি ঘটনাস্থলীত উপস্থিত হয় । আত্মহত্যাৰ ৰূপ দিবলৈ মৃতদেহকেইটা গছত ওলোমাই থৈছিল।” .
আৰক্ষীৰ মতে দুই ভগ্নীক অপহৰণ কৰা হোৱা নাছিল ৷ বাইকত উঠি দুই যুৱকৰ সৈতে স্বেচ্ছাই তেওঁলোক গৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। চুহেইল আৰু জুনেইদৰ লগত দুই ভগ্নীৰ বন্ধুত্ব আছিল বুলি অভিযোগ উত্থাপন হৈছে ৷
ধৃত আটাইকেইজন লোক চুবুৰীয়া এখন গাঁৱৰ। দুই ভগ্নীৰ মাতৃয়ে আৰক্ষীক জনাইছিল যে তেওঁলোকক মৃত অৱস্থাত উদ্ধাৰ হোৱাৰ তিনি ঘণ্টা পূৰ্বে তেওঁলোকক অপহৰণ কৰা হৈছিল। তিনিজন যুৱকে মটৰ চাইকেলত উঠি বলপূৰ্বকভাৱে তেওঁৰ কন্যা সন্তানক লৈ গৈছিল বুলি অভিযোগ উত্থাপন কৰিছিল মাতৃগৰাকীয়ে। পিছত পৰিয়ালৰ লোকে কুঁহিয়াৰৰ পথাৰৰ সমীপত গছত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰে পৰিয়ালৰ লোকে। এই ঘটনাৰ পাছতে উত্তৰ প্ৰদেশত আইন-শৃংখলাক লৈ যোগী আদিত্যনাথ চৰকাৰক আক্ৰমণ কৰিছে বিৰোধীয়ে।