ভুৱা কল চেণ্টাৰ স্থাপন কৰি বিদেশীৰ পৰা কোটি কোটি টকা লুণ্ঠন কৰা এটা গেঙ উত্তৰ প্ৰদেশ আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চৰ জালত পৰিছে ৷নয়ডাত বাহৰ পাতি এই দলটোৱে কাৰিকৰী সহায় আৰু কৰ ওভতাই দিয়াৰ নামত ১৭০ কোটি টকা লুন্ঠন কৰিছিল ৷ এছটিএফৰ বিষয়াসকলে জনোৱা মতে, কল চেণ্টাৰ হিচাপে কাম কৰি আৰু চফটৱেৰ ব্যৱহাৰ কৰি ভুক্তভোগীৰ কম্পিউটাৰ আৰু লেপটপ নিয়ন্ত্ৰণ কৰা এই গেংটোৱে ধন লুণ্ঠন কৰি আহিছিল ৷ এই প্ৰৱঞ্চকৰ দলটোৰ ১০জন সদস্যক শুকুৰবাৰে বিয়লি নয়ডাৰ ৫৯ নং ছেক্টৰত থকা কার্যালয়ৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি আমেৰিকা, কানাডা, ব্ৰিটেইন, লেবানন, হংকং আদি দেশত বাস কৰা লোকসকলক লক্ষ্য কৰি লোৱাৰ বাবে গেংটোৱে অত্যাধুনিক চফটৱেৰ ব্যৱহাৰ কৰিছিল।
এছ টি এফে ৭০ টাতকৈও অধিক ডেস্কটপ কম্পিউটাৰ আৰু কেইবাটাও মোবাইল ফোন জব্দ কৰাৰ লগতে চক্ৰটোৰ হাতত থকা চিম কাৰ্ড আৰু ইলেক্ট্ৰনিক যন্ত্ৰসমূহৰ ফৰেনছিক পৰীক্ষালৈ প্ৰেৰণ কৰিছে ৷ এতিয়ালৈকে লাভ কৰা বেংক ষ্টেটমেন্টৰ তথ্য অনুসৰি এই গেঙে প্ৰায় ১৭০ কোটি টকা লুণ্ঠন কৰিছে ৷ গেংটোৰ মাষ্টাৰমাইণ্ড কৰণ মোহন আৰু বিনোদ সিং বুলি চিনাক্ত কৰা হৈছে ৷গ্ৰেপ্তাৰ কৰা আন কেইজন লোক হ’ল ধ্ৰুৱ নাৰং, মায়ংক গগিয়া, অক্ষয় মালিক, দীপক সিং, আহুজা প’ডৱাল, অক্ষয় শৰ্মা, জয়ন্ত সিং আৰু মুকুল ৰাৱট ৷