নিশা হঠাৎ কিবা এটা স্পর্শত আপুনি সাৰ পাই যদি আপোনাৰ শৰীৰৰ নিচেই কাষতে এ্টা প্ৰকাণ্ড ঘৰিয়াল দেখা পায় আপোনাৰ কেনে অনুভৱ হ’ব ? নিশ্চয় বুকুতে হাত ভৰি লুকাব ৷ তেনে এটাই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ এটাৱাৰ অঞ্চলৰ এখন গাঁৱত ৷ গাওঁখনৰ এটা পৰিয়ালৰ বাসগৃহত খাদ্যৰ সন্ধানত নিশা আঠ ফুট দৈর্ঘ্যৰ এটা ঘৰিয়ালে প্ৰৱেশ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
প্ৰাপ্ত তথ্য অনুসৰি শনিবাৰে নিশা জয়তী গাঁৱত সংঘটিত হয় এই ঘটনা। ঘৰৰ স্বত্বাধিকাৰী হৰনম সিঙে জনোৱা মতে, নিশা ১০.৩০ বজাত তেওঁলোক শুই থকা অৱস্থাত ঘৰিয়ালটোৱে ঘৰটোত প্ৰৱেশ কৰে আৰু তাৰ পিছত তেওঁলোকে আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে স্থানীয় বন্যপ্ৰাণী বিশেষজ্ঞ ডাঃ আশীষ ত্ৰিপাঠীক খবৰ দিয়ে ৷ তদুপৰি আৰক্ষীয়ে সিঙক ঘৰিয়াল প্ৰৱেশ কৰা ঘৰটোত তলা লগোৱাৰ পৰামৰ্শ দিয়ে। পৰামৰ্শ যথাযথভাৱে পালন কৰি পৰিয়ালৰ লোকসকল গোটেই নিশা উজাগৰে থাকে ৷
এই খবৰ বিয়পি পৰাৰ লগে লগে সিঙৰ ঘৰত স্থানীয় লোকে ভিৰ কৰে ৷ ডাঃ ত্ৰিপাঠীৰ তত্বাৱধানত পুৱা ৬ বজাৰ পৰা উদ্ধাৰ অভিযান আৰম্ভ হয়। ঘৰিয়ালটোক ফান্দত ধৰি নিৰাপদে ঘৰৰ পৰা আঁতৰাবলৈ আৰক্ষী আৰু বন্যপ্ৰাণী বিশেষজ্ঞসকলক প্ৰায় এঘণ্টা সময়ৰ প্ৰয়োজন হয় ৷ পিছত বন বিভাগক ঘৰিয়ালটো গতাই দিয়া হয়।
ঘৰৰ মালিক হৰনাম সিঙে কয় যে, “আমি নাজানো কেনেকৈ ঘৰিয়ার্টো ঘৰত প্ৰৱেশ কৰিলে। ৰাতি ছাগলীৰ চিঞৰ শুনি আমি সাৰ পালো আৰু তেতিয়াই ঘৰিয়ালটো দেখা পাওঁ৷”
আঠ ফুট দীঘল সৰীসৃপটোৰ বয়স ১.৫-২ বছৰৰ ভিতৰত। ঘৰিয়ালটো খাদ্যৰ সন্ধানত ওচৰতে বৈ যোৱা এটা নদীৰ পৰা ওলাই আহিছিল।