উত্তৰ প্ৰদেশত দ্বিতীয় বাৰৰ বাবে শাসনৰ গাদী দখল কৰিছে বিজেপিয়ে ৷ যোগী আদিত্যনাথৰ নেতৃত্বত ৰাজ্যখনত ব্যাপক উন্নয়ন হোৱা বুলি দাবীও কৰা হৈছে ৷ কিন্তু সচাকৈয়ে বিজেপিৰ শাসনকালত উত্তৰ প্ৰদেশৰ উন্নয়ন হৈছেনে ? সেয়া এই মুহুর্তত আটাইতকৈ গুৰুত্বপূর্ণ প্ৰশ্ন হিচাপে বিবেচিত হৈছে ৷ কিয়নো শেহতীয়াকৈ এগৰাকী বৃদ্ধ লোকে নিজৰ পত্নীক এখন ঠেলাত চিকিৎসালয়লৈ লৈ যোৱাৰ দৃশ্য ভাইৰেল হোৱাৰ পাছতে সকলোৰে মনত জুমুৰি দি ধৰিছে এই প্ৰশ্নই ৷ প্ৰাপ্ত তথ্য অনুসৰি এই ঘটনা সংঘটিত হৈছে ৰাজধানী লক্ষ্ণৌৰ পৰা প্ৰায় ৪০০ কিলোমিটাৰ দূৰৰ বালিয়াত ৷
চাকুল প্ৰজাপতি নামৰ বৃদ্ধ লোকজনে তেওঁৰ পত্নীক ঘৰৰ পৰা প্ৰায় চাৰি কিলোমিটাৰ দূৰত থকা এখন স্বাস্থ্য ক্লিনিকলৈ লৈ গৈছিল ৷ কিন্তু তেওঁক আন এখন চিকিৎসালয়লৈ উন্নত চিকিৎসাৰ বাবে পত্নীক লৈ যাবলৈ পৰামর্শ দিয়ে ৷ কিন্তু ক্লিনিকখনে বৃদ্ধ লোকজনক এম্বুলেন্স প্ৰদান কৰাত ব্যৰ্থ হয় ৷ যাৰ বাবে ঠেলাত উঠাই পত্নীক আন জিলা চিকিৎসালয়লৈ লৈ যায় প্ৰজাপতিয়ে ৷ কিন্তু জিলা চিকিৎসালয় পোৱাৰ আগতে স্বাস্থ্যৰ অৱনতি ঘটি মৃত্যু ঘটে প্ৰজাপতিৰ পত্নীৰ ৷ এই ঘটনাটো যোৱা২৮ মাৰ্চত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।ছবিখন ভাইৰেল হোৱাৰ পিছতে স্বাস্থ্য মন্ত্ৰী ব্ৰজেশ পাঠকে তদন্তৰ নিৰ্দেশ দিছিল।