ডাঙৰ ডাঙৰ শ্বপিং মলৰ পৰা আৰম্ভ কৰি গেলামাল দোকানলৈকে এতিয়া সকলোতে কিউআৰ ক’ড ব্যৱহাৰ কৰা হয় । সমগ্ৰ ভাৰততে ডিজিটেল লেনদেন বিয়পি পৰিছে। এইবাৰ ফ্ৰান্সত ইউপিআই (ইউনিফাইড পেমেণ্টছ ইন্টাৰফেচ)ৰ ধাৰা আৰম্ভ কৰা হৈছে ৷ ফ্ৰান্স ভ্ৰমণৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুকুৰবাৰে কয় যে পেৰিছৰ আইফেল টাৱাৰত ফ্ৰান্সৰ প্ৰথমটো ইউ পি আই মুকলি কৰা হৈছে।
ভাৰতৰ যোগেদি ছিংগাপুৰত প্ৰথমে ইউ পি আই ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল। পিছলৈ ভূটান, নেপাল, সংযুক্ত আৰব আমিৰশ্বাহী, ওমান আদি দেশত ভাৰতীয় ডিজিটেল মাধ্যম আৰু ৰুপে কাৰ্ডৰ জৰিয়তে ধনৰ লেনদেন আৰম্ভ হৈছিল। এইবাৰ ফ্ৰান্সে এই ব্যৱস্থা গ্ৰহণ কৰিছে ৷শুকুৰবাৰে পেৰিছত প্ৰৱাসী ভাৰতীয়ৰ বৈঠকত ভাষণ দি মোডীয়ে কয় যে ফ্ৰান্সে ইউ পি আই ব্যৱস্থা গ্ৰহণ কৰিছে। অনাগত দিনত আইফেল টাৱাৰত মুকলি কৰা হ’ব। ফলত ভাৰতীয় পৰ্যটকসকলে লাভৱান হ’ব।
তেওঁ লগতে দাবী কৰে যে যদি ফ্ৰান্সতো ইউপিআই প্ৰৱৰ্তন কৰা হয় তেন্তে ইয়াৰ দ্বাৰা নগদ ধন সম্পূৰ্ণৰূপে এৰাই চলি লেনদেনত সুবিধা হ’ব। ২০১৬ চনৰ নৱেম্বৰ মাহত বিমুদ্ৰাকৰণ পৰ্যায়ৰ পিছত কেন্দ্ৰই নগদবিহীন লেনদেনক উৎসাহিত কৰিবলৈ আৰম্ভ কৰিছিল। গুগলপে, ফোনপে, পেটিএম আদি ইউপিআই এপৰ ব্যৱহাৰ তেতিয়াৰ পৰাই বৃদ্ধি পাবলৈ ধৰিলে। ডিজিটেল চেনেলৰ জৰিয়তে ধনৰ লেনদেন বৃদ্ধি পোৱাত ভাৰতে মুকলি কৰিলে ভিআই এম (India Interface for Money) এপ। ভাৰতত ব্যৱহৃত এই এপসমূহ এন পি চি আই (নেচনেল পেমেণ্টছ কৰ্পৰেশ্যন অৱ ইণ্ডিয়া)ৰ দ্বাৰা নিয়ন্ত্ৰিত।
প্ৰসংগক্ৰমে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ আমন্ত্ৰণৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে ‘বেষ্টিল ডে’ কাৰ্যসূচীত বিশেষ অতিথি হিচাপে অংশগ্ৰহণ কৰিবলৈ পেৰিছত উপস্থিত হয়। তেওঁৰ এই ভ্ৰমণৰ সময়ত দ্বিপাক্ষিক প্ৰতিৰক্ষা আৰু বাণিজ্যৰ সৈতে জড়িত কেইবাখনো চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে। ফ্ৰান্সৰ পৰা উভতি অহাৰ পথত সংযুক্ত আৰব আমিৰশ্বাহীলৈ এদিনীয়া ভ্ৰমণৰ অন্তত ঘৰলৈ উভতি আহিব প্ৰধানমন্ত্ৰীগৰাকী।