ইতিমধ্যেই ইউপিএছচিয়ে অফিচিয়েল ৱেবছাইটত অনলাইন যোগে ২০২১-২২ বৰ্ষৰ ইউপিএছচি অসামৰিক সেৱাৰ চূড়ান্ত ফলাফল মুকলি কৰা হৈছে য’ত শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে শ্ৰুতি শৰ্মাই । আনহাতে এইবাৰ শীৰ্ষ চাৰি স্থানত মহিলাই স্থান দখল কৰাৰ লগতে অসমৰ জীয়ৰী শিল্পা খনিকৰে সফলতা লাভ কৰি ৰাজ্যবাসীক গৌৰৱান্বিত কৰিছে ৷
ইউনিয়ন পাব্লিক চাৰ্ভিচ কমিছনে ইয়াৰ অফিচিয়েল ৱেবছাইটত আজি ২০২১-২২ বৰ্ষৰ ইউপিএছচি অসামৰিক সেৱাৰ চূড়ান্ত ফলাফল ঘোষণা কৰিছে । আইএএছ পৰীক্ষাত শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হৈছে শ্ৰুতি শৰ্মাই । এইটো লক্ষণীয় যে অসামৰিক সেৱা পৰীক্ষাৰ এইবাৰ শীৰ্ষ চাৰিটা স্থান লাভ কৰিছে মহিলাই।
২০২১-২২ বৰ্ষৰ ইউপিএছচি অসামৰিক সেৱাৰ চূড়ান্ত ফলাফল অনুসৰি, এইবাৰ মুঠ ৬৮৫ জন প্ৰাৰ্থীয়ে যোগ্যতা অৰ্জন কৰিছে। লগতে, আইপিএছ পদবীৰ বাবে মুঠ ২০০ জন প্ৰাৰ্থীক বাছনি কৰা হৈছে
২০২১-২২ বৰ্ষৰ ইউপিএছচি অসামৰিক সেৱাৰ চূড়ান্ত ফলাফলৰ তালিকাখন এনেধৰণৰ :-
সেৱাসমূহ | সাধাৰণ | ইডব্লিউএছ | অবিচি | এছচি | এছটি | মুঠ |
আইএএছ | ৭২ | ১৮ | ৪৯ | ২৭ | ১৪ | ১৮০ |
আইএফএছ | ১৪ | ৪ | ১০ | ৬ | ৩ | ৩৭ |
আইপিএছ | ৮৩ | ২০ | ৫১ | ২৬ | ২০ | ২০০ |
কেন্দ্ৰীয় সেৱা গোট ‘এ’ | ১০৩ | ২৩ | ৬৮ | ৩১ | ১৭ | ২৪২ |
গোট ‘বি’ সেৱাসমূহ | ৩৬ | ৮ | ২৫ | ১৫ | ৬ | ৯০ |
মুঠ | ৩০৮ | ৭৩ | ২০৩ | ১০৫ | ৬০ | ৭৪৯ |