অসমীয়াৰ এবিধ প্ৰয়োজনীয় সঁজুলি হল-ঢেঁকী।অতীজৰে পৰা প্ৰতিটো অসমীয়াৰ ঘৰত ঢেঁকী ব্যৱহৃত হৈ আহিছে ।ঢেঁকীত ধান-চাউল আদি খুন্দা হয়। বিহুৰ সময়ত জীয়ৰী-বোৱাৰী ব্যস্ত হৈ পৰে ঢেঁকীশালত।প্ৰাচীন সাধুকথা তেজীমলাতো ঢেঁকীৰ উল্লেখ আছে । বিহু গীতত ঢেঁকীৰ উল্লেখ মন কৰিব লগীয়া।
নামনি অসমত ঢেঁকীৰ প্ৰচলন খুবেই কম । নাই বুলিয়ে কব পাৰি। ঢেঁকীৰ পৰিৱৰ্তে উৰাল বা চাম ব্যৱহাৰ কৰা হয়। কাঠেৰে নিৰ্মিত উৰাল ঘুৰণীয়া আকৃতিৰ। উৰালত ধান-চাউল খুন্দিবলৈ টান কাঠেৰে (নাহৰ কাঠ ) বনোৱা মাৰি ব্যৱহাৰ কৰা হয়।মাৰিডালৰ মূৰত লোহাৰ খাৰুৱা এডাল লগোৱা থাকে ।যাৰ ফলত খুন্দিবলৈ সুবিধা হয় আৰু মাৰি ডাল ভাঙি নাযায়। ইয়াক গাইন বা ইগি বুলি কোৱা হয়। তিনি -চাৰি গৰাকী মান মহিলা লগ লাগি ইগি বা গাইন হাতত লৈ উৰালত ধান বা চাউল খুন্দে।
ডিমাছা সকলে উৰালক চামথো আৰু মাৰি ডালক ৰোমিন বুলি কয়। কুকি সকলে থাদৌ আৰু মাৰ সকলে চাম বুলি কয়। তিৱা আৰু ৰাভা সকলেও উৰালক চাম বুলি কয়। বড়োসকলে উৱাল আৰু গাৰো সকলোৰ মাজত এচাম বুলি জনাজাত।
সকলো জনজাতিৰ মাজত বিশ্বাস আছে যে –ঢেঁকীৰ জৰিয়তে ভৰিৰে চাব দি ধান -পিঠাগুৰি আদি খুন্দিলে লক্ষ্মী আইক অপমান কৰা হয়। সেয়েহে তেওঁলোকে মাৰিৰ সহায়ত হাতেৰে ধান-চাউল আদি খুন্দে।
মুঠতে উৰালে হওঁক বা ঢেঁকীয়ে হওঁক এই সামগ্ৰীবিধ অসমীয়াৰ এক আপূৰুগীয়া সম্পদ।