VOICE 24x7
Wednesday, May 7, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আৰুণি কাশ্যপলৈ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নেশ্বনেল এণ্ডাউমেন্ট ফ’ৰ দ্য আৰ্টচ্ ফেল’শ্বিপ

প্ৰথমবাৰৰ বাবে অসমীয়া ভাষালৈ এই সন্মান

voicedesk by voicedesk
January 10, 2023
in মুখ্য সংবাদ
আৰুণি কাশ্যপলৈ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নেশ্বনেল এণ্ডাউমেন্ট ফ’ৰ দ্য আৰ্টচ্ ফেল’শ্বিপ
0
SHARES
64
VIEWS
Share on FacebookShare on Twitter

আজি মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নেশনেল এণ্ডাউমেন্ট ফ’ৰ দ্য আৰ্টচ্ প্ৰতিষ্ঠানে ৱাচিংটন ডি.চি. চহৰত ঘোষণা কৰে যে অসমীয়া লেখক, কবি, আৰু অনুবাদক আৰুণি কাশ্যপক ২০২৩ বৰ্ষৰ নেশ্বনেল এণ্ডাউমেন্ট ফ’ৰ দ্য আৰ্টচ্ ফেল’শ্বিপ প্ৰদান কৰা হৈছে ৷ মাৰ্কিন যুক্তৰাস্ট্ৰৰ এই সন্মানীয় বঁটা প্ৰতি বছৰে মাত্ৰ ২২জন সাহিত্যিককহে দিয়া হয় ৷ নেশ্বনেল এণ্ডাউমেন্ট ফ’ৰ দ্য আৰ্টচ্ ১৯৬৫ চনত মাৰ্কিন চৰকাৰে স্থাপন কৰা এটা সাহিত্য একাডেমীৰ নিচিনা স্বতন্ত্ৰ সাহিত্য প্ৰতিষ্ঠান ৷ এই প্ৰতিষ্ঠানে প্ৰতিবছৰে সাহিত্য কৃতি ৰ বাবে এই সন্মান ১৯৬৫ চনৰে পৰা প্ৰদান কৰি আহিছে ৷ প্ৰতিষ্ঠানটোৰ ৫৭ বছৰীয়া ইতিহাসত কোনো অসমীয়া লেখকে এই সন্মান লাভ কৰা নাছিল ৷ আৰুণি কাশ্যপ এই সন্মান লাভ কৰা প্ৰথম অসমীয়া ৷ ফেল’শ্বিপৰ বাবদ তেঁও লাভ কৰিব নগদ ১০,০০০ মাৰ্কিন ডলাৰ ৷

অনুবাদ কৰ্মৰ কাৰণে প্ৰদান কৰা এই সন্মান এইবাৰ পৃথিৱীৰ মাত্ৰ ১৬-টা ভাষালৈ আগবঢ়োৱা হৈছে ৷ এইবছৰ অসমীয়াৰ বাহিৰে ভাৰতৰ আন কোন ভাষাই এই সন্মান পোৱা নাই ৷ ইয়াৰ আগতে বঙালী, তামিল, হিন্দী, কানাড়া, পান্জাৱী আৰু উৰ্দূ ভাষালৈহে এই সন্মান আগবঢ়োৱা হৈছিল ৷ কেতিয়াবা-কাচিতহে এই সন্মান ভাৰতীয় ভাষালৈ আহিছে ৷ উদাহৰণ স্বৰূপে ২০১৫, ২০১৬, ২০১৭, ২০১৯, ২০২০, আৰু ২০২২ চনত কোনো ভাৰতীয় ভাষাই এই বঁটা আনিবলৈ সক্ষম হোৱা নাছিল ৷ ২০২১ চনত পান্জাৱী ভাষালৈ, ২০১৮ চনত তামিল, কানাড়া আৰু উৰ্দূলৈ এই বঁটা আহিছিল ৷ ২০১৪ চনত ডেইজী ৰকৱেলে এই সন্মান লাভ কৰিছিল ৷ ৰ’কৱেলে ফেল’শ্বিপটোৱে মোকলাই দিয়া সময়ছোৱা হিন্দী উপন্যাসিক গীতান্জলী শ্ৰীৰ উপন্যাস “ৰেত সমাধি” অনুবাদ কৰিবলৈ ব্যবহাৰ কৰিছিল ৷ সেইখন উপন্যাসে ২০২২ চনত বুকাৰ বঁটা পাবলৈয়ো সক্ষম হৈছিল ৷

আৰুণি কাশ্যপৰ জন্ম ১৯৮৪-ত, শিলচৰত ৷ পেছাত অধ্যাপক, লেখক, কবি আৰু অনুবাদক। বৰ্ত্তমান যুক্তৰাস্ট্ৰৰ ইউনিভাৰচিটি অৱ জিঅ’ৰ্জিয়াৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক আৰু ক্ৰিয়েটিভ ৰাইটিং(সৃজনীমূলক লিখনি) কাৰ্যক্ৰমৰ সঞ্চালক ৷ তেওঁ ইংৰাজী সাহিত্যৰ শিক্ষা লাভ কৰে দিল্লীৰ চেন্ট্ স্টিফেন্চ কলেজত আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মিনেচটা ৰাজ্যিক বিশ্ববিদ্যালয়ত ৷ অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে সমানে সাহিত্যচৰ্চা কৰা অতি কম লেখকৰ মাজৰ এজন ৷ সমালোচকৰ দ্বাৰা বহুলভাৱে প্ৰশংসিত পেংগুইনৰ দ্বাৰা প্ৰকাশিত “দ্য হাউচ ৱিথ এ থাউজেন্ড স্টৰিজ“ শীৰ্ষক উপন্যাসখনৰ জৰিয়তে ২০১৩ চনত ইংৰাজী সাহিত্য জগতত আত্মপ্ৰকাশ কৰা আৰুণিয়ে অতি কম বয়সৰে পৰা ২০০১ চনৰে পৰা অসমীয়া ভাষাত সাহিত্য প্ৰকাশ কৰি আহিছে ৷ আকাশবাণীৰ যুৱবাণী অনুষ্ঠানত প্ৰথম অসমীয়া গল্প প্ৰচাৰ হোৱাৰ পাছত আৰুণিৰ গল্প, প্ৰবন্ধ আৰু উপন্যাস “সাতসৰী”, “সাদিন”, “আমাৰ অসম” আদি অসমীয়া ভাষাৰ আলোচনী, সাপ্তাহিকী আৰু কাকতত নিয়মিত প্ৰকাশ হৈ আহিছে ৷ তাৰোপৰি আন্তৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় কাকত-আলোচনী যেনে “দ্য নিউ য়ৰ্ক টাইমচ,” “দ্য গাৰ্ডিয়ান,” “দ্য হিন্দু,” “কেনিয়ন ৰিভিউ,” “দ্য বস্টন ৰিভিউ” ইত্যাদিত নানান বিষয়ৰ প্ৰবন্ধ-গল্প প্ৰকাশ পাইছে ৷

নেশ্বনেল এণ্ডাউমেন্ট ফ’ৰ দ্য আৰ্টচ্ সন্মান লাভ কৰাৰ সন্দৰ্ভত আৰুণিয়ে কয়, “মোক যেতিয়া নেশ্বনেল এণ্ডাউমেন্ট ফ’ৰ দ্য আৰ্টচ্-ৰ সাহিত্য চ’ৰাৰ সঞ্চালক, উপন্যাসিক এমি স্ট’লচে কৈছিল যে এই সন্মান অসমীয়া ভাষালৈ পোনপ্ৰথমবাৰলৈ আহিছে, মই কথাটো শুনি কিছু আবেগিক হৈ পৰিছিলো ৷ তেওঁক মই কৈছিলো, আপোনালোকৰ প্ৰতিষ্ঠানে মোৰ কামক এই সন্মানটো দি কেৱল মোকেই কৃতাৰ্থ কৰা নাই ৷ এই সন্মান অসমীয়া ভাষা, অসম, আৰু অসমৰ সাহিত্যৰ বাবে কাৰণ মই ফেল’শ্বিপৰ সময়ছোৱা দীপক কুমাৰ বৰকটকীৰ উপন্যাস “উদ্ভাসিত উপকূল“-খন ইংৰাজীলৈ অনুবাদ কৰাত ব্যৱহাৰ কৰিম ৷ দীপক কুমাৰ বৰকটকী এজন অত্যন্ত শক্তিশালী বুৰঞ্জীমূলক উপন্যাসিক ৷ ন’বেল বঁটা বিজয়ী পাৰ্ল এচ বাক আৰু দুবাৰকৈ বুকাৰ বঁটা লাভ কৰা বৃটিছ উপন্যাসিক হিলাৰী মেন্টেলৰ সৈতে আমি তেওঁক ৰিজাব পাৰো ৷ ইমান এজন প্ৰতিভাধৰ উপন্যাসিকে কিন্তু অসমত সমাদৰেই পোৱা নাই, আৰু আজি মাৰ্কিন যুক্তৰাস্ট্ৰৰ ইমান এটা সন্মানীয় প্ৰতিষ্ঠানে তেওঁৰ প্ৰতিভা চিনি পাইছে মোৰ অনুবাদৰে জৰিয়তে ৷ সেই কথা ভাবি মোৰ ভাল লাগিছে ৷ মই বিচাৰো তেওঁৰ উপন্যাস সমূহে আন্তঃৰাস্ট্ৰীয় পাঠকৰ সমাদৰ লাভ কৰিব ৷ ফেল’শ্বিপটোৱে যদিও মোৰ অনুবাদ কৰ্মক স্বীকৃতি দিছে, কিন্তু মই ভাবো এইটো অসমীয়া সাহিত্যৰ কাৰণে ভাল খবৰ আৰু সকলো অসমীয়া পাঠকে মোক নহয়, দীপক-দাকহে অভিনন্দন জনোৱা উচিত ৷”

“নেশ্বনেল এনডাউনমেন্ট ফৰ আৰ্টছ এ এই অনুবাদক সকলক এই চিত্তাকৰ্ষক প্ৰকল্পত সহায় সহযোগিতা আগবঢ়াবলৈ সুযোগ পাই যথেষ্ট গৰ্বিত অনুভৱ কৰিছে” এই কথা ক’লে, নেশ্বনেল এণ্ডাউমেন্ট ফ’ৰ দ্য আৰ্টচ্-ৰ সাহিত্য চ’ৰাৰ সঞ্চালক, উপন্যাসিক এমি স্ট’লচে ৷ তেওঁ এইদৰেও ক’লে যে, “আমি জ্ঞান,পাৰদৰ্শী কৌশল আৰু শৈল্পিকতাক স্বীকৃতি দিছো আৰু চেস্টা কৰিছোঁ যাতে অন্যান্য ভাষাৰ পৰা ইংৰাজী ভাষালৈ ৰূপান্তৰ কৰাৰ বাবে এই অনুবাদক সকলে যাতে নিজৰ কামত একাণপতীয়া ভাবে মনোনিবেশ কৰিব পাৰে তাৰ বাবে সাধন সমল যোগান ধৰো ৷”

Previous Post

বানস্থলীপুৰম আৰক্ষীক দাখিল পোহনীয়া মেকুৰী চুৰিৰ অভিযোগ

Next Post

কৰ্তৃপক্ষৰ উপযুক্ত অনুমতি অবিহনে বিদ্যালয়ত উপস্থিত নথকা শিক্ষকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱা হ’ব

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
কৰ্তৃপক্ষৰ উপযুক্ত অনুমতি অবিহনে বিদ্যালয়ত উপস্থিত নথকা শিক্ষকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱা হ’ব

কৰ্তৃপক্ষৰ উপযুক্ত অনুমতি অবিহনে বিদ্যালয়ত উপস্থিত নথকা শিক্ষকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱা হ’ব

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7