প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী অহা ২১ ৰ পৰা ২৩ জুনলৈ আমেৰিকা যুক্তৰাজ্য ভ্ৰমণৰ সময়ত নিউয়র্ক আৰু ৱাশ্বিংটনত অনুষ্ঠিত অনুষ্ঠানৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰখ্যাত গায়িকা তথা অভিনেত্রী মেৰী মিলবেনে। কালি এটা টুইটাৰ প’ষ্টত মিলবেনে প্রধানমন্ত্রী মোডীক আদৰণি জনাবলৈ উৎসুকতাৰে অপেক্ষাৰত বুলি প্ৰকাশ কৰিছিল। ভাৰত আৰু আমেৰিকা যুক্তৰাজ্যৰ মাজৰ শক্তিশালী সম্পৰ্কৰ কৃতিত্বৰ অধিকাংশই মোডীৰ বুলি প্ৰকাশ কৰা মিলবেনে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ৰ নৰ্থ লনত অহা বুধবাৰে অনুষ্ঠিতব্য নৱম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীত মোদীৰ সৈতে অংশগ্ৰহণ কৰিব ।
এই কাৰ্যসূচীত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সভাপতি ছাবা কৰোছি, মার্কিন যুক্তৰাজ্যস্থিত ভাৰতীয় ৰাষ্ট্রদূত ৰুছিৰা কম্বোজ, নিউয়র্ক চিটিৰ মেয়ৰ এৰিক আদামছেও অংশ ল’ব। অহা শুকুৰবাৰে তেওঁ ৱাশ্বিংটন ডি চিৰ ৰোনাল্ড রিগান বিল্ডিং এও ইণ্টাৰনেচনেল ট্রেড চেণ্টাৰত ইউ এছ ইণ্ডিয়ান কমিউনিটি ফাউণ্ডেচনে আয়োজন কৰা মোডীৰ আদৰণী অনুষ্ঠানতো সংগীত পৰিবেশন কৰিব। স্মর্তব্য যে ভাৰতৰ স্বাধীনতা দিৱসৰ ৭৪ সংখ্যক জয়ন্তীত ২০২০ চনত মিলবেনে ইণ্টাৰনেটযোগে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰিছিল। মোদীৰ এই ভ্ৰমণৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’বাইডেনৰ সৈতে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা অনুষ্ঠিত হব । ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকীৰ বাবে হোৱাইট হাউচত বিশেষ নৈশ ভোজনৰ আয়োজন কৰা হৈছে ।