নিউয়ৰ্ক ইউনিভাৰচিটিৰ অধীনত মাৰ্কিন চিকিৎসক বিজ্ঞানীৰ দল এটাই অৱশেষত মানৱ শৰীৰত সফলতাৰে গাহৰিৰ বৃক্ক সংৰোপন কৰিবলৈ সক্ষম হয়।
ক’মাত থকা ৰোগীজনৰ বৃক্কত কিছু সমস্যাই দেখা দিছিল। পৰিয়ালৰ অনুমতি সাপেক্ষে গাহৰিৰ বৃক্ক সংৰোপন কৰি পৰীক্ষা চলায়। ৰোগীজনৰ শৰীৰত গাহৰিৰ বৃক্ক সংৰোপন কৰাৰ পিছতেই ৰোগীয়ে মূত্ৰ ত্যাগ কৰিবলৈ সক্ষম হৈ এই সফলতাৰ ইংগিত দিয়ে।
উল্লেখযোগ্য যে অসময়ত অসমৰ চিকিৎসা বিজ্ঞানী ডাক্তৰ ধনীৰাম বৰুৱাই এজন ৰোগীৰ শৰীৰত গাহৰিৰ হৃদযন্ত্ৰ সংৰোপন কৰিছিল। পিছত ৰোগীজনৰ মৃত্যু হৈছিল। বৰুৱাৰ এই পদক্ষেপত অসমৰ ৰাইজে মানসিক ৰোগী আখ্যা দি থানাত গোচৰ ৰুজু কৰিছিল।
চিকিৎসকজনে HIV Aids, কেঞ্চাৰ ৰোগৰ চিকিৎসা জেনেটিক ইঞ্জিনিয়াৰিঙৰ জৰিয়তে সম্ভৱ বুলিও ঘোষণা কৰিছিল।