বিভিন্ন বি্য়য়ক লৈ ক্ৰমাৎ দূৰত্ব বৃদ্ধি পাইছে চীন আৰু আমেৰিকাৰ মাজত ৷ শেহতীয়াকৈ কিছুমান বিষয়ক লৈ দুয়োখন দেশৰ মাজত ফাট মেলিছে সর্ম্পকৰ ৷ মার্কিন যুক্তৰাষ্ট্ৰই শীতকালীন বেইজিং অলিম্পিক কূটনৈতিকভাবে বর্জন কৰিব বুলি ঘোষণা কৰাৰ লগে লগে দুয়োখন দেশৰ মাজত চলি থকা অৰিয়াঅৰি অধিক স্পষ্ট হৈ পৰিছে ৷ মার্কিন ৰাষ্ট্ৰপতি জ’ বিডেনে ঘোষণা কৰিছে শীতকালীন বেইজিং অলিম্পিক কূটনৈতিকভাবে বর্জন কৰাৰ কথা ৷
অৱশ্যে মার্কিন ৰাষ্ট্ৰপতি গৰাকীৰ এই ঘোষণাই এথলীট সকলক প্ৰভাৱিত নকৰে ৷ কূটনৈতিক ভাবে বর্জন কৰাৰ ফলত কেবল আমেৰিকাৰ বিষয়াসকলেহে অলিম্পিক বর্জন কৰিব ৷ কিন্তু এথলীট সকলে পূর্বৰ দৰেই অংশগ্ৰহণ কৰিব পাৰিব এই অলিম্পিকত ৷ আনহাতে ২০২৮ চনত ল’জ এঞ্জেলত অনুষ্ঠিত হ’ব অলিম্পিক ৷ সেয়েহে আমেৰিকাৰ এই সিদ্ধান্তৰ প্ৰত্যুত্তৰ চীনে কিদৰে দিব সেয়া লক্ষণীয় হ’ব ৷ ইতিমধ্যে চীনেও আমেৰিকাৰ এই সিদ্ধান্তৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ চীনৰ বিদেশ মন্ত্ৰালয়ে আগন্তুক সময়তো একেধৰণৰ সিদ্ধান্ত ল’ব বুলি প্ৰকাশ কৰিছে ৷ তদুপৰি ক্ৰীড়াক লৈ ৰাজনীতি কৰাটো উচিত নহয় বুলিও মন্তব্য কৰিছে চীনে ৷
সংখ্যালঘু মুছলমান সমাজৰ ওপৰত নির্যাতন চলাই চীনে কৰি অহা মানৱ অধিকাৰ ভংগ কৰাৰ বাবে বেইজিং শীতকালীন অধিৱেশন বর্জন কৰিব বুলি জ’ বাইডেনে প্ৰকাশ কৰিছিল