উত্তৰ প্ৰদেশৰ গেংষ্টাৰ আতিক আহমেদৰ পুত্ৰ আছাদ আৰক্ষীৰ সৈতে হোৱা গুলীয়াগুলীত নিহত হয়। এই সংঘৰ্ষত কেৱল আছাদেই নহয়, গুলাম নামৰ আন এজন ব্যক্তিৰো মৃত্যু হয়।
আৰক্ষীৰ সূত্ৰ অনুসৰি ঝান্সীত সংঘটিত ‘এনকাউণ্টাৰ’ৰ সময়তে আছাদ আৰু তেওঁৰ সংগী গুলাম নিহত হয়। আছাদ আৰু গুলামৰ বিৰুদ্ধে প্ৰয়াগৰাজত উমেশ পালৰ হত্যাকাণ্ডৰ অভিযোগ উত্থাপন হৈছিল। এই দুজন আৰক্ষীৰ পঞ্জীত ‘ৱাণ্টেড’ অপৰাধীৰ তালিকাত আছিল।
আৰক্ষীয়ে জনোৱা মতে, আছাদ আৰু গুলামৰ মাজত ৰাজ্যখনৰ এছটিএফৰ সৈতে সংঘর্ষ হৈছিল। সেই সংঘৰ্ষত দুজন অভিযুক্তৰ মৃত্যু হয়। তেওঁলোকৰ পৰা অস্ত্ৰ-শস্ত্ৰ, নতুন মোবাইল ফোন আৰু চিম কাৰ্ড উদ্ধাৰ কৰা হয়। লগতে আছাদ আৰু গুলামক গতাই দিলে ৫ লাখ টকাৰ পুৰস্কাৰ দিয়া হ’ব বুলিও ঘোষণা কৰিছিল আৰক্ষীয়ে।
২৪ ফেব্ৰুৱাৰীত বিধায়ক ৰাজু পাল হত্যাকাণ্ডৰ একমাত্ৰ সাক্ষী উমেশ পালক প্ৰয়াগৰাজৰ ঘৰৰ সন্মুখত গুলীয়াই হত্যা কৰা হৈছিল। সেই ঘটনাত উমেশৰ নিৰাপত্তাৰক্ষী দুজনৰো মৃত্যু হয়। উমেছৰ হত্যাকাণ্ডত আতিক, ভাতৃ আশ্ৰফ, পুত্ৰ আছাদ, গুলাম জড়িত অভিযোগ উত্থাপন হৈছিল। উমেশৰ হত্যাৰ পিছত সমগ্ৰ উত্তৰ প্ৰদেশতে হুলস্থুলৰ সৃষ্টি হয়। ইয়াৰ পূৰ্বে এই ঘটনাত আৰক্ষীৰ ‘এনকাউণ্টাৰ’ত দুজন অভিযুক্তৰ মৃত্যু হৈছিল। কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
শেহতীয়াকৈ আতিকক উমেশ পাল অপহৰণ গোচৰত যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে। তেওঁৰ বিৰুদ্ধে এশৰো অধিক গোচৰ চলি আছে।