কেদাৰনাথ মন্দিৰ চৌহদত এতিয়াৰে পৰা কৰিব নোৱাৰিব ভিডিঅ’ বা ৰিল ৷ উত্তৰাখণ্ড আৰক্ষীয়ে সকীয়াই দিছে যে মন্দিৰ চৌহদত কোনো ভিডিঅ’ বা ৰিল তৈয়াৰ কৰিলে সংশ্লিষ্ট ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। কেদাৰনাথ মন্দিৰ চৌহদত ৰিল বনোৱাৰ ভিডিঅ’ পোহৰলৈ অহাৰ পৰাই ধৰ্মীয় স্থানত এনে ঘটনা সংঘটিত হোৱাৰ বাবে সতৰ্ক হৈ আছে বদ্ৰীনাথ-কেদাৰনাথ মন্দিৰ কৰ্তৃপক্ষ।
বহু লোকে মন্দিৰ চৌহদত ভিডিঅ’, ৰিল বনাই ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছে। বিকেটিচিৰ মতে, মন্দিৰ চৌহদত ভিডিঅ’ বা ৰিল তৈয়াৰ কৰি ছ’চিয়েল মিডিয়াত পোষ্ট কৰি বহু লোকৰ ধৰ্মীয় আৱেগ আঘাতপ্ৰাপ্ত হয়। শীঘ্ৰে বন্ধ কৰিব লাগে বুলি বিকেটিচিয়ে ৰাজ্যৰ আৰক্ষীলৈ পত্ৰ প্ৰেৰণ কৰিছে। মন্দিৰ কৰ্তৃপক্ষৰ পৰা এখন পত্ৰ পোৱাৰ পিছতে কেদাৰনাথ মন্দিৰ চৌহদত কোনো ধৰণৰ ভিডিঅ’ বা ৰিল নিৰ্মাণ কৰিব নোৱাৰিব বুলি আৰক্ষীয়ে অৱগত কৰে। কঠোৰ ভাৱে নিৰীক্ষণ কৰিবলৈ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে । এনেধৰণৰ কাম-কাজ বন্ধ কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ভিডিঅ’ বা ৰিল তৈয়াৰ কৰিলে সংশ্লিষ্ট ব্যক্তিসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
মন্দিৰ চৌহদত এজন যুৱকৰ ভিডিঅ’ক লৈ বিতৰ্ক আৰম্ভ হৈছে। ভিডিঅ’টোত হালধীয়া পাঞ্জাবী পিন্ধা এজন যুৱকে প্ৰার্থনা কৰাদেখা গৈছে। কাষতে হালধীয়া ৰঙৰ শাৰী পিন্ধা এগৰাকী যুৱতী। সেই সময়তে প্ৰেমিকাই আঁঠু লৈ হাতত আঙঠি লৈ প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াইছে। এই মুখামুখিৰ পিছতে আৱেগিক হৈ পৰা যুৱকজনে গভীৰ আলিংগনত আবদ্ধ হৈ পৰে। ছ’চিয়েল মিডিয়াত ভিডিঅ’ ভাইৰেল হোৱাৰ সময়ত বহুতে এই প্ৰশ্ন উত্থাপন কৰিছিল যে ধৰ্মীয় স্থানত এই ধৰণৰ কামৰ অনুমতি কিয়? কিয় মোবাইল ফোন লৈ প্ৰৱেশ কৰিবলৈ দিয়া হৈছে?
ইয়াৰ পাছতে বদ্ৰীনাথ-কেদাৰনাথ মন্দিৰ কৰ্তৃপক্ষই এনে কাম কোনো ধৰণে সহ্য কৰা নহ’ব বুলি অৱগত কৰে। ইয়াৰ পিছত তেওঁলোকে আৰক্ষী প্ৰশাসনলৈ চিঠি লিখি বিষয়টোৰ বিষয়ে অৱগত কৰে।