ভাৰতত নিৰ্মিত কাহৰ চিৰাপ সেৱন কৰাৰ ফলত কমেও ১৮টা শিশুৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰিছে উজবেকিস্তানে ৷ইয়াৰ পাছতে সমগ্ৰ ঘটনাক লৈ ভাৰতে আৰম্ভ কৰিছে তদন্ত ৷ উজবেকিস্তানৰ স্বাস্থ্য মন্ত্ৰালয়ে এক বিবৃতিত কয় যে মৃত্যু হোৱা শিশুসকলে নয়ডাস্থিত মেৰিয়ান বায়’টেকে নিৰ্মাণ কৰা কাহৰ চিৰাপ ডক-১ মেক্স – চিৰাপ সেৱন কৰিছিল। মন্ত্ৰালয়ে জনোৱা মতে, এই চিৰাপৰ পৰীক্ষাগাৰত পৰীক্ষাত ইথিলিন গ্লাইকল নামৰ বিষাক্ত পদাৰ্থৰ উপস্থিতি ধৰা পৰিছে।
ইয়াৰ উপৰিও কোৱা হৈছে যে এই চিৰাপ শিশুসকলক চিকিৎসকৰ প্ৰেছক্ৰিপচন অবিহনে ঘৰতে দিয়া হৈছিল ৷ পিতৃ-মাতৃ অথবা ফাৰ্মাচিষ্টৰ পৰামৰ্শত শিশুসকলক এই কাহৰ চিৰাপ সেৱন কৰোৱা হৈছিল ৷মন্ত্ৰালয়ে জনোৱা মতে, শিশুকেইটাই চিকিৎসালয়ত ভৰ্তি হোৱাৰ পূৰ্বে ঘৰতে ২-৭ দিনৰ বাবে এই চিৰাপটো খাইছিল ৷ ২.৫ৰ পৰা ৫ মিলিলিটাৰৰ মাত্ৰাত দিনটোত তিনিৰ পৰা চাৰিবাৰকৈ খাইছিল ৷ যিটো মানক মাত্ৰাতকৈ অধিক। এই চিৰাপটো পিতৃ-মাতৃয়ে ঠাণ্ডা প্ৰতিৰোধী ঔষধ হিচাপে ব্যৱহাৰ কৰিছিল।
১৮ টা শিশুৰ মৃত্যুৰ পিছত দেশৰ সকলো ফাৰ্মাচীৰ পৰা ডক-১ মেক্স টেবলেট আৰু চিৰাপ প্ৰত্যাহাৰ কৰা হৈছে বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে ৷ সময়মতে পৰিস্থিতি বিশ্লেষণ কৰি পদক্ষেপ ল’ব নোৱাৰাৰ বাবে ৭ জন কৰ্মচাৰীক বৰ্খাস্ত কৰা হৈছে।
কেন্দ্ৰীয় ড্ৰাগছ ষ্টেণ্ডাৰ্ড কণ্ট্ৰল অৰ্গেনাইজেশ্যন (চিডিএছচিঅ’ – উত্তৰ অঞ্চল) আৰু উত্তৰ প্ৰদেশ ড্ৰাগছ কণ্ট্ৰ’লিং এণ্ড লাইচেন্সিং অথৰিটিৰ দলে যৌথ তদন্ত কৰিব বুলি জানিব পৰা গৈছে। উজবেকিস্তানৰ পৰাও মূল্যায়নৰ প্ৰতিবেদন বিচৰা হৈছে। এবছৰৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে ভাৰতত নিৰ্মিত কাহৰ চিৰাপ সেৱন কৰি শিশুৰ মৃত্যু হোৱাৰ ঘটনা পোহৰলৈ আহিছে ৷চলিত বৰ্ষৰ আৰম্ভণিতে গাম্বিয়াত ৭০টা শিশুৰ হাৰিয়ানাস্থিত মেডেন ফাৰ্মাচিউটিকেলছে নিৰ্মাণ কৰা কাহৰ চিৰাপ সেৱন কৰি মৃত্যু হোৱা বুলি অভিযোগ উঠিছিল ৷