অনাগত ১০ /১২ দিনৰ ভিতৰতে ৰাজ্যৰ ১৭ বছৰ বয়সৰ লোকসকলৰ বাবে কভিদ ভেকচিন প্ৰদান কৰাৰ ব্যৱস্থা কৰিব বুলি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জানিবলৈ দিয়ে। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ভেকচিন সেৱা ১৭ বছৰৰ লোকসকলৰ বাবেও মুকলি কৰিছে।
অসমত এতিয়া লকডাউনৰ পৰিস্থিতি উদ্ভৱ হোৱা নাই বুলিও মুখ্যমন্ত্ৰী ডাঙৰীয়াই টুইটাৰ যোগে প্ৰকাশ কৰে।
ৰাজ্যখনৰ সকলোকে ভেকচিন গ্ৰহণ কৰিবলৈ আহ্বান জনোৱাৰ লগতে এতিয়ালৈকে ১০|১২ লাখ লোকে কভিদৰ প্ৰথম পালি ভেকচিন গ্ৰহণ কৰা নাই বুলি উদ্বিগ্নতা প্ৰকাশ কৰে।
কভিদৰ তৃতীয় ঢৌৰ আক্ৰমণৰ পূৰ্বে সকলোকে দুই পালি ভেকচিন গ্ৰহণ কৰি নিজকে সুৰক্ষা প্ৰদান কৰিবলৈ আহ্বান জনাইছে।