ৰাজ্য চৰকাৰে চৰকাৰী চিকিৎসালয়ৰ মাচুল বৃদ্ধি কৰিব ওলোৱাত উদ্বিগ্ন হৈ পৰিছে ভিন ভিন দল-সংগঠন । আজি এক প্ৰেছ বিবৃতিত বহুভাষিক সাহিত্য মঞ্চ, অসম চমুকৈ বহুবাকৰ প্ৰধান সম্পাদক দীপক শৰ্মাই কয়- চৰকাৰী চিকিৎসালয়ত সচৰাচৰ দুখীয়া, শ্ৰমিক জনগণৰ লোকসকলেহে ভৰ্তি হয় ।
কঠোৰ সংগ্ৰামৰ মাজত জীয়াই থকা লোকসকলে বেমাৰ হ’লে চৰকাৰী চিকিৎসালয়ৰ পিনে ঢাল খাই । একাংশই পঞ্জীয়ন মাচুলটো কোনোমতে যোগাৰ কৰি লৈ আহে । চৰকাৰে হঠাৎ এনেধৰণৰে 10 শতাংশৰ পৰা 100 শতাংশ কেবিন, তেজ পৰীক্ষা,বিভিন্ন পৰীক্ষা, এক্স-ৰে, এম.আৰ.আই. আদিৰ দাম কৰা কাৰ্য সমীচীন হোৱা নাই ।
মফচলৰ সাধাৰণ জনগণে কিদৰে চিকিৎসা কৰিব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোনো কাৰণতে চিকিৎসালয়ৰ মাচুল বৃদ্ধি নকৰে, তাৰ বাবে বহুবাকে দাবী জনায় । আনহাতে, অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক কমল কলিতা, চৰকাৰী পেঞ্চনাৰ সন্থা, অসমৰ সম্পাদক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদ, অসমৰ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, নাথ সাহিত্য সভা, অসমৰ সভাপতি হৰ কুমাৰ নাথ, মানুহ আৰু পৰিৱেশ, অসমৰ সভাপতি কমল চন্দ্ৰ মেধি আদি দল-সংগঠন কোনো কাৰণতে চিকিৎসালয়ৰ মাচুল বৃদ্ধি নকৰিবলৈ চৰকাৰক দাবী জনায়।