তামিলনাডুৰ কুন্নুৰত সংঘটিত ভয়াৱহ হেলিকপ্টাৰ দুর্ঘটনাত গুৰুতৰভাৱে আহত হোৱাৰ পাছত কেইবাদিনো জীৱন-মৃত্যৰে যুঁজি কালি শেষ নিশ্বাস ত্যাগ কৰা গ্ৰুপ কেপ্টইন বৰুণ সিঙৰ শেষকৃত্য আজি সম্পন্ন কৰা হয় ৷ এক শোকাকুল পৰিৱেশৰ মাজেৰে সিঙৰ শেষকৃত্য সম্পূর্ণ সামৰিক মর্যাদাৰে সম্পন্ন কৰা হয় ৷ ভূপালত সামৰিক মর্যাদা আৰু ৰাজ্যিক সন্মানৰ মাজেৰে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয় ৷ ৰাষ্ট্ৰীয় পতাকাৰে মেৰিয়াই তেওঁৰ নশ্বৰ দেহ এখন পুষ্পসজ্জিত সামৰিক বাহিনীৰ বাহনেৰে লৈ অহা হয় শ্মশানলৈ ৷ সেই সময়তে হাজাৰ হাজাৰ লোকে ভাৰত মাতা কি জয় আৰু জয় হিন্দ ধ্বনিৰে মুখৰিত কৰি তোলে সমগ্ৰ অঞ্চল ৷ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে গ্ৰুপ কেপ্টেইন গৰাকীলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ৷