গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে প্ৰাক্তন মন্ত্ৰী তথা বর্ষীয়ান কংগ্ৰেছ নেতা শৰৎ বৰকটকী ৷ সম্প্ৰতি তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত আইচিইউত চিকিৎসাধীন হৈ আছে ৷ ব্ৰেইন ষ্ট্ৰ’কত আক্ৰান্ত হোৱাৰ পাছতে বৰকটকীক হাস্পতালত ভর্ত্তি কৰোৱা হয় ৷ সম্প্ৰতি তেওঁ অর্ধচেতন অৱস্থাত আছে ৷ মাজে মাজে তেওঁ সংজ্ঞা ঘুৰাই পায় ৷ বিশেষজ্ঞ চিকিৎসকৰ অধীনত তেওঁৰ চিকিৎসা চলি আছে ৷
মঙলবাৰে নিশা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই জিএমচিএইচত উপস্থিত হৈ শৰৎ বৰকটকীৰ স্বাস্থ্যৰ বুজ লয় ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি কিছুদিন পূর্বে দিল্লীত বৰকটকীৰ এটা অস্ত্ৰপোচাৰ সম্পন্ন কৰা হৈছিল ৷ ইয়াৰ পাছত প্ৰাক্তন মন্ত্ৰী গৰাকী ঘৰলৈ ওভতি আহে যদিও তেওঁ অসুস্থ হৈ পৰে ৷ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত তেওঁক জিএমচিএইচত ভর্ত্তি কৰোৱা হয় ৷