৩০ অক্টোবৰত অসমলৈ আহিব উপ-ৰাষ্ট্ৰপতি জগদ্বীপ ধনখড় ৷ কেইবাটাও কার্যসূচীত তেওঁ অংশ গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ৷ ভাৰতৰ উপ-ৰাষ্ট্ৰপতি গৰাকীয়ে ৩০ অক্টোবৰ সোমবাৰে কটন বিশ্ববিদ্যালয়ত এক বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। উক্ত দিনা উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে বিশ্ববিদ্যালয়খনৰ অধ্যাপক, শিক্ষাৰ্থী আৰু কৰ্মচাৰীসকলৰ সৈতে ১ ঘণ্টীয়া মত বিনিময় কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু উক্ত অনুষ্ঠানত উপস্থিত থাকিব। লগতে অনুষ্ঠানত ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰৰ বিশেষ ব্যক্তিসহ বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।
আনহাতে, একে দিনাই বিয়লি গুৱাহাটীৰ ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহত ভাগ ল’ব উপ-ৰাষ্ট্ৰপতি গৰাকীয়ে ৷ বিয়লি ২.৩০ বজাত এই অনুষ্ঠান অনুষ্ঠিত হ’ব ৷ অনুষ্ঠানত অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকিব ৷