বেংক জালিয়াতিৰ গোচৰত চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছে আগশাৰীৰ প্ৰতিষ্ঠান স্বত্বাধিকাৰী বেণুগোপাল ধূটক। বেণুগোপালৰ বিৰুদ্ধে আইচিআইচিআই বেংকক ৩২৫০ কোটি টকাৰ ঋণৰ বাবে প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছে। সেই গোচৰত যোৱা সপ্তাহত চিবিআইয়ে বেংকটোৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া তথা এমডি চন্দা কোছাৰক গ্ৰেপ্তাৰ কৰিছে। কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই চন্দাক তেওঁৰ স্বামী দীপক কোছাৰৰ সৈতে গ্ৰেপ্তাৰ কৰে। অৱশ্যে ইয়াৰ পূৰ্বে এনফর্চমেণ্ট সঞ্চালকালয় (ইডি)-এ দীপকক গ্ৰেপ্তাৰ কৰিছিল।
দেওবাৰে চিবিআইয়ে চন্দা আৰু তেওঁৰ স্বামী দীপকক মুম্বাইৰ বিশেষ আদালতত হাজিৰ কৰে। ৩ দিনৰ বাবে চিবিআইৰ জিম্মালৈ দুই অভিযুক্তক প্ৰেৰণ কৰা হৈছে । ইয়াৰ পিছত সোমবাৰে বেণুগোপালক গ্ৰেপ্তাৰ কৰা হয়। শেহতীয়াকৈ আইচিআইচিআই বেংকৰ ঋণ জালিয়াতিৰ গোচৰত ব্যাপক প্ৰতিক্ৰিয়াৰসৃষ্টি কৰিছে ৷
চিবিআইৰ তথ্য অনুসৰি চাৰি বছৰ পূৰ্বে চন্দা আৰু দীপকে বেণুগোপালৰ কোম্পানী ভিডিঅ’কনক ৩২৫০ কোটি টকাৰ বৃহৎ ঋণ লাভত সহায় কৰি দিছিল । অৱশ্যে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই উত্থাপন কৰা অভিযোগ চন্দা আৰু তেওঁৰ স্বামী দীপকে অস্বীকাৰ কৰে। উচ্চতম ন্যায়ালয়ত ইয়াক লৈ গোচৰ ৰুজু কৰা হয়। প্ৰসংগক্ৰমে চান্দা ৩ দশকৰো অধিক সময় আইচিআইচিআই বেংকৰ সৈতে জড়িত আছিল। কিন্তু এই অভিযোগ উত্থাপন হোৱাৰ পাছতে ২০১৮ চনৰ অক্টোবৰ মাহত বেংকে চন্দাক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল।