সমাজৰ এটি শিশুও যাতে শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত নহয়, তাৰ বাবে ৰাজ্যত গ্ৰহণ কৰা হৈছে এক অভিনৱ পদক্ষেপ ৷ পৰিয়ালৰ অর্থিক দুৰৱস্থা অথবা আন কাৰণতেই হওঁক শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত হোৱা শিশুসকলক বিচাৰি শিক্ষা প্ৰদানৰ বাবে গ্ৰহণ কৰা হৈছে ‘বিদ্যাৰথ’( স্কুল অন হুইলছ্)আঁচনি ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰ এম ছায়াৰ নির্দেশত অসম আইনী সেৱা প্ৰাধিকৰণৰ উদ্যোগত তথা অসম চৰকাৰৰ সহযোগত গ্ৰহণ কৰা এই আঁচনিখন আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হ’ব ৷ কামৰূপ মহানগৰত ৰূপায়ন হ’বলগীয়া আঁচনিখনলৈ সহযোগিতা আগবঢ়াইছে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ, গুৱাহাটী পৌৰ নিগম, শিক্ষা বিভাগ আৰু অসম ৰাজ্যিক পৰিবহন নিগমৰ লগতে বচপন বচাওঁ আন্দোলন আৰু আন কেইবাটাও স্বেচ্ছাসেৱী সংস্থাই ৷ অসম ৰাজ্যিক পাঠ্যপুথি নিগমে শিশুসকলৰ বাবে ইউনিফর্ম যোগান ধৰিব ৷ আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চৌহদত আয়োজিত এক অনুষ্ঠানত বিয়লি চাৰি বজাত আঁচনিখন আনুষ্ঠানিকভাৱে মুকলি কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰ এম ছায়া আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ৷ শুভাৰম্ভনি অনুষ্ঠানত উপস্থিত থাকিব অসম ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণৰ কার্যবাহী অধ্যক্ষ ন্যায়াধীশ এন কে সিং আৰু গুৱাহাটী উচ্চ ন্যায়ালয় আইনী সেৱা প্ৰাধিকৰণৰ অধ্যক্ষ ন্যায়াধীশ সুমন শ্যাম ৷
এই আঁচনিৰ অধীনত ৰেলৱে ষ্টেচন, ৰাজপথ, বাছষ্টেণ্ড, বজাৰ আদিত ভিক্ষা খোজা শিশুসকলক সামৰি লোৱা হ’ব ৷ তদুপৰি হোটেল, উদ্যোগ আদিত কর্মৰত তথা আৱজর্নাৰ দ’মৰ পৰা বটল আদি বুটলি ফুৰা শিশুসকলকো ‘বিদ্যাৰথ’ৰ জৰিয়তে শিক্ষা প্ৰদান কৰা হ’ব ৷ সমান্তৰালভাৱে পৰিয়ালৰ আর্থিক দুৰৱস্থাৰ বাবে সংস্থাপন বিচাৰি আধাতে বিদ্যালয় এৰা শিশু, বিভিন্ন পৰিস্থিতিত ৰাজপথত ঘুৰি ফুৰা ডেনড্ৰাইট অথবা নিচাসক্ত শিশুসকলক ‘বিদ্যাৰথ ‘ আঁচনিৰ অধীনত সামৰি লোৱা হ’ব ৷