১৯৭১ চনৰ যুদ্ধত পাকিস্তানৰ বিৰুদ্ধে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ বিজয়ক সন্মান জনোৱাৰ বাবে প্ৰতি বছৰে ১৬ ডিচেম্বৰত উদযাপন কৰা হয় বিজয় দিৱস ৷ এই দিনটোত ভাৰতে ৰাষ্ট্ৰৰ সুৰক্ষা প্ৰদান কৰা সকলো সৈনিকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
বাংলাদেশৰ স্বাধীনতাৰ বাবে ১৯৭১চনৰ ৩ ডিচেম্বৰৰ পৰা ১৬ ডিচেম্বৰলৈকে হোৱা ১৩ দিনীয়া ভাৰত আৰু পাকিস্তানৰ এই যুদ্ধত পাকিস্তানী বাহিনীৰ মুৰব্বী জেনেৰেল আমিৰ আব্দুল্লাখান নিয়াজীয়ে ৯৩,০০০ পাকিস্তানী সৈন্যৰ সৈতে ভাৰতীয় সেনা আৰু বাংলাদেশৰ মুক্তি বাহিনীৰ যুটীয়া বাহিনীৰ ওচৰত আত্মসমৰ্পণ কৰিছিল।
পূব পাকিস্তানৰ এটা দল আৱামী লীগে নিৰ্বাচনত জয়লাভ কৰাৰ পিছত পাকিস্তানত সংঘৰ্ষৰ সূত্ৰপাত হৈছিল আৰু পাকিস্তানী সেনাই পূব পাকিস্তানৰ বাঙালী আৰু হিন্দু বাসিন্দাসকলৰ বৰ্বৰ হত্যা আৰম্ভ কৰিছিল। সঠিক সংখ্যা অজ্ঞাত যদিও এই সংঘৰ্ষত ৩ ৰ পৰা ৫ নিযুত লোকৰ মৃত্যু হোৱা বুলি অনুমান কৰা হৈছিল।সেই সময়ত বাংলাদেশৰ অসহায় জনতাই তেওঁলোকৰ জীৱন ৰক্ষা কৰিবলৈ আৰু আশ্ৰয় ল’বলৈ প্ৰায় ৮ ৰ পৰা ১০ নিযুত লোক ভাৰতলৈ স্থানান্তৰিত হৈছিল।
ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে আন্তৰ্জাতিক হস্তক্ষেপ বিচাৰিবলৈ চেষ্টা কৰিছিল কিন্তু পৰিস্থিতিয়ে তাৎক্ষণিকতাৰ আহ্বান জনাইছিল। যুদ্ধআৰম্ভ হৈছিল যেতিয়া পাকিস্তানে ভাৰতৰ ১১ টা বিমান ঘাটিত বিমান আক্ৰমণ আৰম্ভ কৰিছিল আৰু ইন্দিৰা গান্ধীয়ে তেতিয়াৰ সেনাপ্ৰধান জেনেৰেল চেম মানেকশ্বক পাকিস্তানৰ বিৰুদ্ধে সম্পূৰ্ণ যুদ্ধ আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছিল।১৩ দিনীয়া যুদ্ধৰ শেষত ভাৰতীয় সেনাৰ বিজয় হৈছিল আৰু পাকিস্তানী জেনেৰেল আমিৰ আব্দুল্লাখান নিয়াজীয়ে ৯৩,০০০ সৈন্যৰ সৈতে ভাৰতৰ ওচৰত আত্মসমৰ্পণ কৰিছিল ৷ এই যুদ্ধত দুয়োখন দেশৰ প্ৰায় ৩,৮০০ সৈন্যই প্ৰাণ হেৰুৱাইছিল।
বাংলাদেশৰ জয়ৰ বাবে পাকিস্তানী শত্ৰুৰ বিৰুদ্ধে যুঁজি জীৱন আহুতি দিয়া সেই বীৰ সৈনিক সকলৰ দেশপ্ৰেমক সন্মান জনাই আজিৰ এই বিশেষ দিনটো সমগ্ৰ ভাৰততে উদযাপিত ‘বিজয় দিৱস’ৰূপে ৷