বিজয়া দশমী বা দাচেৰা ভাৰতবৰ্ষৰ এক জনপ্রিয় উৎসৱ।
বিজয়া শব্দৰ অৰ্থ হৈছে বিজয়ী হোৱা বা বিজয় প্ৰাপ্ত কৰা। দেৱী দুৰ্গাই মহিষাসুৰক নিধন কৰি আৰু ৰামচন্দ্ৰই ৰাৱণক সংহাৰ কৰি আহিন মাহৰ শুক্ল পক্ষৰ দশম দিনটোত বিজয় প্ৰাপ্ত কৰাৰ বাবেই বহুতৰ মতে ই বিজয়া দশমী আনহাতে বহুতৰ মতে ৰামচন্দ্ৰই ৰাৱণক সংহাৰ কৰাৰ পিছত অশুভ শক্তিক নাশ কৰাৰ আনন্দত খেৰেৰে ৰাৱণৰ আকাশচুম্বী মূৰ্তি তৈয়াৰ কৰি প্ৰতিবছৰে দশমীৰ দিনা পৰম্পৰাগত ভাৱে কোনোবা এজনে ৰামৰ বেশ ভূষা পৰিধান কৰি ৰাৱণৰ সেই বিৰাটাকায় মূৰ্তি দাহ কৰাৰ প্ৰথাই হ’ল দাচেৰা।
অশুভ শক্তি নাশ কৰি শুভ শক্তিৰ আনন্দ উল্লাসেই হ’ল প্ৰকৃতাৰ্থত এই উৎসৱৰ তাৎপৰ্য।