বিশিষ্ট তামিল অভিনেতা তথা ৰাজনীতিবিদ বিজয়কান্তৰ দেহাৱসান।মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭১ বছৰ। ক’ভিডত আক্ৰান্ত হোৱাৰ বাবে তেওঁক চেন্নাইৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। তামিল চলচ্চিত্ৰ জগতৰ তাৰকা অভিনেতাজন নিউমোনিয়া ৰোগত আক্ৰান্ত হৈছিল। শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাৰ বাবে তেওঁক ‘ভেন্টিলেটৰ চাপৰ্ট চিষ্টেম’ত ৰখা হৈছিল বৃহস্পতিবাৰে পুৱা চিকিৎসাধীন অৱস্থাত ডিএমডিকেৰ প্ৰতিষ্ঠাপকজনৰ মৃত্যু হয়।
অনুৰাগীৰ বাবে বিজয়কান্তক ‘কেপ্তেইন’ হিচাপে পৰিচিত। ইয়াৰ পূৰ্বে যোৱা নৱেম্বৰ মাহত শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ বাবে তেওঁক চিকিৎসালয়ত ভর্ত্তি কৰোৱা আছিল। সুস্থ হৈ তেওঁ ঘৰলৈ উভতি আহে। কিন্তু এইবাৰ ক’ভিড আৰু নিউমোনিয়াত আক্ৰান্ত হৈ তেওঁ শেষনিশ্বাস ত্যাগ কৰে ৷ চেলুলয়ডত তেওঁৰ জনপ্ৰিয়তা দেখি নব্বৈৰ দশকৰ আৰম্ভণিতে প্ৰয়াত মুখ্যমন্ত্ৰী তথা এডিএমকেৰ প্ৰতিষ্ঠাপক এম জি ৰামচন্দ্ৰনৰ সৈতে বিজয়কান্তক তুলনা কৰিছিল। নাম দিয়া হৈছে ‘শ্যামলা এম জি আৰ’। তেওঁ ১৫০ খনতকৈও অধিক ছবিত অভিনয় কৰিছিল।
ডি এম কে আৰু এ ডি এম কে ‘দুটা মেৰু’ত বিভক্ত কৰা দ্ৰাবিড় ৰাজনীতিত বিজয়কান্তই সফলতাৰে তৃতীয় ‘মেৰু’ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। ২০০৫ চনত নতুন দল ডি এম ডি গঠন কৰি ৰাজনীতিত প্ৰৱেশ কৰে। ২০০৬ চনৰ বিধানসভা নিৰ্বাচনত ডিএমডিকে মাত্ৰ ১খন আসন লাভ কৰাৰ পিছতো ৮ শতাংশতকৈ অধিক ভোট লাভ কৰিছিল ৷কুড্ডালোৰৰ ব্রদ্ধাচলম সমষ্টিত বিজয়কানন্তজয়ী হৈছিল ৷ ২০১১ চনত এডিএমকে নেত্ৰী জয়াললিতাৰ সৈতে মিত্ৰতা কৰি ২৯খন আসন লাভ কৰিছিল। কল্লাকুৰিচি জিলাৰ ঋষিবন্দ্যম সমষ্টিত বিজয়কান্ত জয়ী হয়। ইয়াৰ পিছত জয়াললিতাৰ সৈতে মিত্ৰতা ভংগ কৰাৰ বাবে বিজয়কান্ত বিধানসভাত বিৰোধী দলৰ নেতা হয়। সূত্ৰ অনুসৰি, “আম্মা” উপ-মুখ্যমন্ত্ৰী পদ দিবলৈ সন্মত নোহোৱাত মিত্ৰতা ভংগ কৰে।