ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ বিশেষ নিৰীক্ষক বালাকৃষ্ণণ গোৱেলে আজি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ পৰিদৰ্শন কৰি কয়দীসকলৰ বিভিন্ন সমস্যাৰ বুজ লয়। পৰিদৰ্শন কালত তেখেতে কাৰাগাৰখনত উপলব্ধ স্বাস্থ্যসেৱা,খোৱাপানী, অনাময়, থকা মেলা আদি ব্যৱস্থাসমূহৰ পৰ্যালোচনা কৰে৷ কাৰাগাৰৰ কয়দীসকলে আত্মীয় সকলৰ লগত কথা-বতৰা পতাৰ বাবে ভিডিঅ’ কলৰ সুবিধা আগবঢ়াবলৈ কাৰাগাৰ খনৰ অধীক্ষকক পৰামৰ্শ দিয়ে। কয়দীসকলে যাতে নিজৰ নাম উল্লেখ নকৰাকৈ কাৰাগাৰৰ অধীক্ষক গৰাকীক বিভিন্ন সমস্যাৰ বিষয়ে প্ৰত্যক্ষভাৱে জনাব পাৰে সেই উদ্দেশ্যে এটা অভিযোগ বাকচৰ ব্যবস্থা কৰিবলৈ কয়। তেওঁ মহিলা কয়দীসকলক সাক্ষাৎ কৰি তেওঁলোকে সন্মুখীন হোৱা সমস্যাসমূ্হৰ বুজ লৈ কাৰাগাৰ কৰ্তৃপক্ষক বিভিন্ন পৰামৰ্শ আগবঢ়ায়। ইয়াৰ উপৰি সমাজ কল্যাণ বিভাগৰ অধীনস্থ জালুকবাৰীস্থিত ৰাজ্যিক নাৰী গৃহটো পৰিদৰ্শন কৰি তাত থকা আবাসীসকলৰ বুজ লয় আৰু শিশুসকলৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে তেওঁলোকে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ সমাধানৰ বাবে পৰামৰ্শ আগবঢ়ায়৷ পৰিদৰ্শন কালত কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত বিশ্বজিৎ শইকীয়া প্ৰমুখ্যে কেবাগৰাকী বিষয়াই ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ বিশেষ নিৰীক্ষকগৰাকীক সংগ দিয়ে৷