ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰখা ৰাছিয়াৰ বিৰুদ্ধে পশ্চিমীয়া দেশসমূহৰ মাজত ক্ষোভ বৃদ্ধি পাইছে ৷ সমান্তৰালভাৱে ইউক্ৰেইনক সহায় কৰি অহাৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনেও পশ্চিমীয়া দেশসমূহক সতর্ক কৰি আহিছে ৷ ইয়াৰ মাজতে একাংশ পশ্চিমীয়া দেশত বৃহৎসংখ্যক চোৰাৎচোৱা ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনে নিযুক্তি দিয়া বুলি পোহৰলৈ আহিছে ৷
বিশেষকৈ ব্ৰিটেইনত ৰাছিয়াৰ প্ৰায় ১০০০ গোপন এজেণ্ট আছে বুলি প্ৰকাশ পাইছে। চোৰাংচোৱা বিশ্লেষণে প্ৰকাশ কৰা অনুসৰি চোৰাংচোৱাসকলে মিনিকেব চালক আৰু বেৰিষ্টাৰ পৰা বিশ্ববিদ্যালয়লৈকে আদি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত নিযুক্ত হৈ আছে । প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি ৰাছিয়াই সকলো স্তৰৰ গোপন খবৰৰ বাবে এনেদৰে চোৰাংচোৱা নিযুক্তি দিছে ৷
প্ৰতিবেদনত কোৱা হৈছে যে যোৱা কিছু বছৰত লণ্ডনত থকা ৰাছিয়াৰ দূতাবাসৰ বাহিৰত কাম কৰা চোৰাংচোৱাৰ সংখ্যা হ্ৰাস পাইছে যদিও “অজ্ঞাত” চোৰাংচোৱাৰ সংখ্যা বৃদ্ধি পাইছে। প্ৰতিবেদনত এইবুলিও কয় যে ব্লাডিমিৰ পুটিনৰ এজেণ্টসকলে পাৰমাণৱিক শক্তি কেন্দ্ৰ আৰু সেনা, আৰ এ এফ আৰু ৰয়েল নৌসেনাৰ ঘাটিৰ ওপৰতো চোৰাংচোৱাগিৰি কৰিছে ৷ যাৰ বাবে এয়া দেশখনৰ বাবে এক বৃহৎ ভাবুকি হ’ব পাৰে বুলি আশংকা কৰা হৈছে ৷
ইউক্ৰেইনৰ মূল চহৰ খেৰচনৰ পৰা ৰাছিয়াই সেনা প্ৰত্যাহাৰৰ পাছত ভ’ল’ডিমাইৰ জেলেনস্কিয়ে ৰাছিয়াৰ সৈন্যক যুদ্ধাপৰাধ সংঘটিত কৰাৰ লগতে চহৰখনত সাধাৰণ নাগৰিকক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰাৰ সময়তে এই প্ৰতিবেদন প্ৰকাশ পাইছে। ভ’ল’ডিমাইৰ জেলেনস্কিয়ে কয় যে তদন্তকাৰীয়ে ইতিমধ্যে ৰাছিয়াৰ ৪০০ৰো অধিক যুদ্ধাপৰাধ নথিভুক্ত কৰিছে।মৃত সাধাৰণ নাগৰিক আৰু সেনাবাহিনীৰ মৃতদেহ উদ্ধাৰ হৈছে।