বিশ্ব সম্প্ৰদায়ৰ প্ৰচেষ্টাৰ পাছতো ইউক্ৰেইনত মাৰ যোৱা নাই যুদ্ধৰ বিভীষিকা ৷ ইউক্ৰেইন আক্ৰমনৰ বাবে ৰাছিয়াই সীমান্ত অঞ্চলসমূহত সেনাৰ সঞ্চালন বৃদ্ধি কৰাৰ লগে লগে এই উত্তেজনা অধিক বাঢ়িবলৈ আৰম্ভ কৰিছে ৷ ইয়াৰ মাজতে বিদেশত ৰাছিয়াৰ সৈন্য বাহিনী ব্যৱহাৰ কৰিবলৈ ৰাষ্ট্ৰপতি পুটিনক অনুমতি প্ৰদান কৰিছে দেশখনৰ সংসদে ৷ এই অনুমতি লাভ কৰাৰ পাছতে ৰাছিয়াই সম্পন্ন কৰিছে পাৰমাণৱিক অস্ত্ৰৰ পৰীক্ষণ ৷ হাইপাৰচনিক আৰু ক্ৰ’ইজ মিছাইলৰ সফল পৰীক্ষণ সম্পন্ন কৰে । পুটিনে বেলাৰুছৰ নেতা আলেকজেণ্ডাৰ লুকাচেঙ্কোৰ সৈতে এটা নিয়ন্ত্ৰন কক্ষৰ পৰা এই অনুশীলন নিৰীক্ষণ কৰে ৷ পাৰমাণৱিক অস্ত্ৰৰ পৰীক্ষণে ইউক্ৰেইনক লৈ বিশ্ব সম্প্ৰদায়ৰ শংকা অধিক ঘনীভূত হৈ পৰিছে ৷
ইপিনে, আমেৰিকাই ইউক্ৰেইনৰ সীমাৰ ওচৰত ৰাছিয়াই সৈন্যৰ সঞ্চালন বৃদ্ধি কৰাৰ লগতে আক্ৰমণ কৰিবলৈ সাজু হোৱাৰ অভিযোগ উত্থাপন কৰিছে ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বিডেনে প্ৰকাশ কৰে যে ৰাছিয়াই যিকোনো সময়তে ইউক্ৰেইনত আক্ৰমণ চলাব পাৰে ৷ জি-৭ গোটৰ ৰাষ্ট্ৰসমূহৰ বৈদেশিক মন্ত্ৰীসকলে উল্লেখ কৰে যে তেওঁলোকে ৰাছিয়াই অঞ্চলটোত ইয়াৰ সামৰিক কাৰ্যকলাপ হ্ৰাস কৰাৰ কোনো লক্ষন দেখা নাই ৷ এই পৰিস্থিতিক লৈ তেওঁলোক “গভীৰভাৱে চিন্তিত” বুলিও উল্লেখ কৰে ৷