আপোনাৰ পৰিচয় প্ৰমাণৰ বাবে গুৰুত্বপূৰ্ণ নথি পত্ৰসমূহৰ ভিতৰত অন্যতম হৈছে ভোটাৰ তালিকা। কিন্তু বহু সময়ত ভোটাৰ তালিকাত ৰৈ যোৱা ভুলে আপোনাক সমস্যাত পেলায়। কিন্তু এই ভুলসমূহৰ শুধৰণিৰ সুযোগ লৈ আহিছে নিৰ্বাচন আয়োগে।২০২২ বৰ্ষৰ ফটো ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত শুধৰণি ৰাজ্যত আৰম্ভ হৈছে। অহা ১ নৱেম্বৰত প্ৰকাশ কৰা হ’ব খচৰা ভোটাৰ তালিকা।অহা ৩০ নৱেম্বৰ পৰ্য্যন্ত দাবী আৰু আপত্তিসমূহ গ্ৰহণ কৰা হ’ব। এই দাবী আৰু আপত্তিসমূহ নিষ্পত্তিৰ পাছত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ’ব। অহা ৫ জানুৱাৰীত প্রকাশ পাব এই চূড়ান্ত তালিকা।