আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভত কামৰূপ মহানগৰ জিলা প্ৰশাসনে ৮৫ ৰ উৰ্দ্ধৰ ভোটাৰৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে । সেই অনুসৰি এইবাৰ ৮৫ বছৰৰ উৰ্দ্ধৰ ভোটদাতাসকলে নিজ গৃহৰ পৰাই ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব ।
কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিভাগৰ তথ্য অনুসৰি গুৱাহাটী লোকসভা সমষ্টিত উক্ত বয়সৰ ভোটদাতাসকলে প্ৰ-পত্ৰ “১২ ডি”ৰ জৰিয়তে এই সুবিধা লাভ কৰিব । ইয়াৰ সমান্তৰালকৈ বিশেষভাৱে সক্ষম ভোটাৰৰ ক্ষেত্ৰটো এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কামৰূপ মহানগৰ জিলা প্ৰশাসনে সদৰি কৰিছে ।
ইচ্ছুক ভোটদাতাসকলে জিলা নিৰ্বাচন বিভাগ নতুবা জিলা প্ৰশাসনৰ ওৱেবচাইটৰ পৰা সংশ্লিষ্ট প্ৰ-পত্ৰ সংগ্ৰহ কৰিব পাৰিব । এই ক্ষেত্ৰত কামৰূপ মহানগৰ জিলা প্ৰশাসনে যাবতীয় পদক্ষেপ গ্ৰহণ কৰিছে ।