দক্ষিণৰ ছবিখনৰ পৰিচালক জোচেফ মনু জেমছৰ প্ৰথমখন ছবি মুক্তিৰ পূৰ্বেই শেষ নিশ্বাস ত্যাগ কৰে। কেৰালাৰ এই যুৱ পৰিচালকজন নিউমোনিয়াত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৩১ বছৰ ৷
মনুৰ পৰিচালনাৰ প্ৰথম ছবি ‘নেন্সি ৰাণী’ত অভিনয় কৰিছিল আহনা কৃষ্ণ আৰু অৰ্জুন অশোকনে। ছবিখন অতি সোনকালে মুক্তি পোৱাৰ কথা আছিল। তাৰ আগতে পৰিচালক গৰাকীৰ অকাল মৃত্যুত চিনেমাখনৰ তাৰকাসকলে মৰ্মাহত হৈ পৰিছে। এই মুহূৰ্তত এই ছবিখনৰ অন্তিম পৰ্যায়ৰ কাম চলি আছিল। কিন্তু ইয়াৰ কাম সম্পূর্ণ হোৱাৰ পূর্বএই তেওঁৰ অকাল বিয়োগ ঘটে ৷পৰিচালকগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ছবিখনৰ তাৰকাসকলে।
দেওবাৰে কোট্টায়মৰ কুৰাভিলাংগডৰ এটা গীৰ্জাত তেওঁৰ অন্তিম শ্ৰদ্ধাঞ্জলি অনুষ্ঠিত হয়। জোচেফ মনুৱে শিশু শিল্পী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। প্ৰথম আত্মপ্ৰকাশ ‘আই এম কিউৰিয়াছ’ ছবিখনত। ইয়াৰ পিছত তেওঁ দীৰ্ঘদিন কানাড়া আৰু মালয়ালম ছবিত কাম কৰিছিল। কিন্তু জোচেফ মনুৱে নিজৰ পৰিচালিত ছবিখন মুকতি পোৱাৰ পূর্বেই ইহলীলা সম্বৰণ কৰে ৷