যোৱাটো বছৰত সমগ্ৰ অসম কঁপাই যোৱা গুৱাহাটী মহানগৰীৰ মাজমজিয়াত সংঘটিত হোৱা এক শোকাবহ দুৰ্ঘটনাত নিজৰ দুয়োখন ভৰি হেৰুৱাই মৃত্যুক আঁকোৱালি লোৱা গড়কাপ্তানি বিভাগৰ শ্ৰমিক জোছেফ মাৰাকক সুঁৱৰি অসমৰ শিল্পীসকলে ল’লে এক বিশেষ পদক্ষেপ ৷
অসমৰ শিল্পী সকলে বিশেষ ধৰণে চিত্ৰকলাৰ যোগেদি শ্ৰমিক গৰাকীক শ্ৰদ্ধা যাঁচিছে যাৰ নামাকৰণ কৰা হৈছে ‘ৱাল অৱ অন’ৰ’ অৰ্থাৎ সন্মানৰ প্ৰাচীৰ নামেৰে ৷ শ্ৰমিক গৰাকীৰ প্ৰতিকৃতি অংকন কৰি এই ৱাল অৱ অন’ৰত তেওঁৰ নাম খোদিত কৰাৰ লগতে ক’লা চিঞাহীৰে কাষতে লিখা হৈছে এনেদৰে -‘সাৱধান ! কালি যোচেফ আছিল ,কাইলৈ তুমি মই বা যিকোনো এজন হ’ব পাৰে ভূক্তভোগী