ইৰাণে ড’নাল্ড ট্ৰাম্পক হত্যা কৰিব বিচাৰিছে! এই মন্তব্য ইৰাণৰ সামৰিক সংগঠন ‘ৰিভল্যুচনেৰী গাৰ্ডছ এৰ’স্পেচ ফৰ্চ’ৰ মুৰব্বী আমিৰালি হাজিজাদেহেৰ। তেওঁ দাবী কৰে যে আমেৰিকাই হত্যা কৰা ইৰাণৰ শীৰ্ষ নেতাৰ মৃত্যুৰ প্ৰতিশোধ ল’বলৈ ড’নাল্ড ট্ৰাম্পক হত্যা কৰাৰ পৰিকল্পনা কৰা হৈছিল । আমিৰালিয়ে কয় “আমি আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক হত্যা কৰিব বিচাৰো।”
শেহতীয়াকৈ ইৰাণে ১৬৫০ কিলোমিটাৰ দূৰত্বত আঘাত কৰিব পৰা ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰিছে। ৰাছিয়া-ইউক্ৰেইনৰ সংঘাতত ইৰাণে ইউক্ৰেইনৰ ওপৰত অধিক আক্ৰমণাত্মক হ’বলৈ ৰাছিয়াৰ সেনাবাহিনীক ড্ৰ’ন যোগান ধৰিছিল ৷ ৰাছিয়াই সেই ড্ৰ’নবোৰ ব্যৱহাৰ কৰি ইউক্ৰেইনৰ বিদ্যুৎ কেন্দ্ৰ আৰু সেই দেশৰ বহু চৰকাৰী অট্টালিকা ধ্বংস কৰিছিল। তেতিয়াৰ পৰাই পশ্চিমীয়া দেশসমূহে ইৰাণক “অৱহেলা” কৰি আহিছে। সেয়ে ইৰাণৰ সেনাই জনাইছে যে এই নতুন ক্ষেপণাস্ত্ৰটো সকলো ধৰণৰ পৰিস্থিতিৰ বাবে আগতীয়াকৈ নিজকে সাজু কৰিবলৈ প্ৰস্তুত কৰা হৈছে। সেই প্ৰসংগত ইৰাণৰ সংবাদ মাধ্যমৰ আগত সাক্ষাৎকাৰ দিওঁতে আমিৰালিয়ে কয়, “১৬৫০ কিলোমিটাৰ দূৰত্বৰ নতুন ক্ৰুজ মিছাইলে ইৰাণৰ অস্ত্ৰভাণ্ডাৰত স্থান লাভ কৰিছে।”
সেই সাক্ষাৎকাৰত ট্ৰাম্পৰ বিষয়টো উত্থাপন কৰা হৈছিল । আমিৰালিয়ে কয় যে ২০২০ চনত বাগদাদত আমেৰিকাৰ ড্ৰ’ন আক্ৰমণত ইৰাণৰ সামৰিক অধিনায়ক কাছেম ছলেইমানী নিহত হৈছিল। কিছুদিন পিছত ইৰাণে ইৰাকত থকা আমেৰিকান সৈন্যৰ ওপৰত বেলিষ্টিক মিছাইল আক্ৰমণ চলায়। এই আক্ৰমণত কেইবাজনো আমেৰিকান সৈনিকৰ মৃত্যু হয়। অৱশ্যে আমিৰালিয়ে কয় যে ইৰাণৰ সেই জোৱানসকলক হত্যা কৰাৰ কোনো উদ্দেশ্য নাছিল। তেওঁ কয় যে ছলেমানী হত্যাৰ আঁৰত আছিল ট্ৰাম্প ৷ তেওঁ কয়-“ আমি ট্ৰাম্পক হত্যা কৰিব বিচাৰো।” আমেৰিকাৰ প্ৰাক্তন বিদেশ মন্ত্ৰী মাইক পম্পেঅ’ক হত্যা কৰিব বিচাৰিছো। ছলেমানীক হত্যাৰ নিৰ্দেশ দিয়া সামৰিক সেনাপতিসকলকো হত্যা কৰা উচিত।
ইয়াৰ পূৰ্বে ইৰাণৰ শীৰ্ষ নেতাসকলে ছলেমানীৰ মৃত্যুৰ প্ৰতিশোধ লোৱাৰ হুংকাৰ দিছিল ৷ আমেৰিকাৰ বিৰোধিতা আৰু ইউৰোপীয় দেশৰ উদ্বেগ সত্ত্বেও ইৰানে দেশখনৰ বেলিষ্টিক মিছাইল প্ৰস্তুত কৰি আহিছে ৷ যদিও দেশৰ সেনা প্ৰধানসকলে দাবী কৰে, এই ক্ষেপণাস্ত্ৰসমূহ প্ৰতিৰক্ষাৰ উদ্দেশ্যে নিৰ্মাণ কৰা হৈছে।