ভাৰতত দ্ৰুত গতিৰে বৃদ্ধি পাইছে অ’মিক্ৰনৰ সংক্ৰমন ৷ ব্ৰিটেইন আৰু ফ্ৰান্সত হোৱাৰ দৰে ভয়াৱহ সংক্ৰমন ভাৰততো আৰম্ভ হ’লে এদিনতে আক্ৰান্ত হ’ব লাখ লাখ লোক ৷ এই সকিয়নী ভাৰত চৰকাৰৰ ক’ভিড টাক্স ফর্চৰ মুৰব্বী ভি কে পালৰ ৷ ভাৰতত ক’ভিডৰ অ’মিক্ৰন ভেৰিয়েণ্টত আক্ৰান্ত হোৱা লোকৰ সংখ্যাই অতিক্ৰম কৰিছে শতকৰ ঘৰ ৷ দেশৰ ১১ খন ৰাজ্যত মুঠ অ’মিক্ৰনত আক্ৰান্ত লোকৰ সংখ্যা ১০১ জনলৈ বৃদ্ধি পাইছে ৷ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱা প্ৰসংগত তেওঁ কয় ‘ যদি আমি ব্ৰিটেইনত হোৱা সংক্ৰমনৰ প্ৰতি লক্ষ্য কৰো আৰু একেধৰণৰ সংক্ৰমণ ভাৰততো আৰম্ভ হয় তেনেহ’লে আমাৰ দেশৰ জনসংখ্যাৰ হিচাপত প্ৰতিদিনে ১৪ লাখ লোক আক্ৰান্ত হ’ব ৷ ফ্ৰান্সত ৬৫০০০ লোক আক্ৰান্ত হৈছে ৷ “
ইপিনে, ব্ৰিটেইনত এদিনতে অভিলেখসংখ্যক ক’ভিড আক্ৰান্তৰ সংখ্যা ৮৮,০৪২লৈ বৃদ্ধি পাইছে ৷ ইয়াৰে ২.৪ শতাংশ লোকেই অ’মিক্ৰনত আক্ৰান্ত হৈছে ৷ সেইদৰে ইউৰোপীয়ান দেশসমূহতো ক’ভিডে পুনৰ সংহাৰী ৰূপ ধাৰণ কৰিছে বুলি উল্লেখ কৰে ভি কে পালে ৷ অপ্ৰোয়জনীয় ভ্ৰমণ-ভিৰ এৰাই চলাৰ লগতে নৱবর্ষৰ উদযাপনৰ সময়ত সতর্কতা অৱলম্বন কৰিবলৈ পালে আহ্বান জনাইছে ৷ তেওঁকয় ‘ অপ্ৰয়োজনীয় ভ্ৰমণ, ভিৰ হোৱা স্থানৰ পৰা আতঁৰি থকাৰ সময় আহি পৰিছে ৷ তদুপৰি নৱবর্ষ আৰু আন উৎসৱ উদযাপন আমি অনুষ্টুপীয়াকৈ কৰা উচিত ৷’ বিভিন্ন তথ্য বিশ্লেষণৰ অন্তত বিশেষজ্ঞসকলে ডেল্টাতকৈয়ো অ’মিক্ৰন অধিক ভয়াৱহ হ’ব ভুলি আশংকা প্ৰকাশ কৰিছে ৷