সাক্ষ্য দিবলৈ আদালতলৈ অনা হৈছিল দুটা বান্দৰ। কিন্তু ভিৰৰ সুযোগ লৈ এটি বান্দৰ পোৱালিয়ে পলায়ন কৰে ৷ আৰু পাকিস্তানৰ কৰাচীৰ আদালত চৌহদত বান্দৰটোৰ পলায়নক লৈ যথেষ্ট হুলস্থুলৰ সঋষ্টি হয় । জানিব পৰা মতে, আমৰ বাকচত চোৰাংভাৱে সৰবৰাহ কৰাৰ সময়ত আৰক্ষীয়ে ১৪টা বান্দৰৰ পোৱালি জব্দ কৰিছিল । আদালতত হাজিৰ কৰিবলৈ অনা হৈছিল পোৱালিকেইটা।
উল্লেখ্য যে যোৱা বৃহস্পতিবাৰে কৰাচীৰ উপকণ্ঠ অঞ্চলৰ পৰা আমৰ বাকচত ১৪টা বান্দৰৰ পোৱালি সৰবৰাহ কৰাৰ অপৰাধত আৰক্ষীয়ে দুজন লোকক গ্ৰেপ্তাৰ কৰিছিল। শুকুৰবাৰে দুয়োকে কৰাচী আদালতত হাজিৰ কৰোৱা হয়। সেই সময়ত জব্দ কৰা বান্দৰৰ পোৱালিবোৰো অনা হৈছিল আদালতলৈ । কিন্তু বান্দৰৰ পোৱালিকেইটা অমানৱীয়ভাৱে আদালতলৈ অনাৰ অভিযোগ উত্থাপন হৈছিল। ইয়াৰ মাজতে এটা বান্দৰৰ পোৱালিয়ে পলায়ন কৰে। আৰক্ষীৰ কার্যত আদালত স্তম্ভিত হৈ পৰে । বান্দৰৰ পোৱালিটোৱে বেৰৰ পাৰ হৈ গছ এজোপাত আশ্ৰয় লয় ৷ আৰক্ষী এজনে বান্দৰ ধৰিবলৈ গছত উঠিবলৈ চেষ্টা কৰাত বান্দৰটো আকৌ আন এজোপা গছলৈ জাঁপ মাৰে । এনেদৰে আৰক্ষীৰ বান্দৰ ধৰিবলৈ চলোৱা অভিযানক লৈ আদালত চৌহদত যথেষ্ট লোকৰ সমাগম ঘটে ৷
বন্যপ্ৰাণী ৰখাটো পাকিস্তানত অবৈধ। একাংশ লোকে ৰাজপথত খেল দেখুৱাবলৈ বান্দৰ পোহে। অভিযোগ অনুসৰি, দুষ্কৃতিকাৰীয়ে বান্দৰক প্ৰশিক্ষণ দি চুৰিৰ বাবেও ব্যৱহাৰ কৰি আহিছে। এই গোচৰটোত শুনানিৰ অন্তত শুকুৰবাৰে আদালতে এক লাখ পাকিস্তানী টকা সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা লোক দুজনক জৰিমনা বিহে। আদালতে বান্দৰৰ পোৱালিকেইটা কৰাচী চিৰিয়াখানা কৰ্তৃপক্ষক গতাই দিবলৈও নিৰ্দেশ দিয়ে।
অৱশ্যে আদালতৰ এই নিৰ্দেশক সমালোচনা কৰিছে পাকিস্তানৰ পশুপ্ৰেমীসকলে। তেওঁলোকে দাবী কৰে যে পাকিস্তানৰ চিৰিয়াখানাসমূহৰ অৱস্থা দুখজনক। তাত ৰাখিলে বান্দৰৰ মৃত্যু নিশ্চিত। ইছলামবাগৰ চিৰিয়াখানাখনো অব্যৱস্থাপনাৰ বাবে ২০২০ চনত বন্ধ কৰাৰ নিৰ্দেশ দিছিল আদালতে।