গুৱাহাটী মহানগৰীত পুনৰ ফুটিল পানীৰ পাইপ ৷ ভঙাগড়ৰ হাবৰ সমীপত পানীৰ পাইপ ফুটি জলমগ্ন হৈ পৰে ৰাজপথ ৷ প্ৰাপ্ত তথ্য অনুসৰি শনিবাৰে পুৱা প্ৰায় ৭ বজাতে পানীৰ পাইপ ফুটে ৷ ইয়াৰ ফলত হাজাৰ হাজাৰ লিটাৰ পানী অপচয় হয় ৷
উল্লেখ্য যে, ইয়াৰ পূৰ্বেও মহানগৰীৰ কেইবাটাও স্থানতে পানীৰ পাইপ ফুটিছে। খাৰঘূলিত পানীৰ পাইপ ফুটি হোৱা জলপ্ৰলয়ৰ ঘটনা সকলোৰে মনত আছে ৷ পৰৱৰ্তী সময়ত ৰাজগড়, মালিগাঁও আৰু হাতীগড় চাৰিআলি আদি স্থানতো পানীৰ পাইপ ফুটাৰ ফলত ৰাজপথ জলমগ্নহৈ পৰিছিল ৷
খাৰঘূলিত সংঘটিত হোৱা ভয়ংকৰ জলবিস্ফোৰণৰ ফলত এগৰাকী মহিলাৰ মৃত্যু হৈছিল। তৎসত্বেও যেন এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণত ব্যর্থ হৈছে জিএমচি ৷ মহানগৰবাসীয়ে বাৰাম্বাৰ এনে অঘটন ৰোধ কৰিবলৈ অনুৰোধ জনায় আহিছে ৷