কিছু দিন আগতে কেন্দ্ৰীয় মন্ত্রী অমৃত ছাহে প্ৰতিখন ৰাজ্যত কা আইন বলবৎ হবই বুলি ঘোষণা কৰাৰ পাছত যোৱাকালি পুনৰ কেন্দ্ৰীয় মন্ত্রী শান্তনু ঠাকুৰে এখন জনসভাত ঘোষণা কৰিছে যে, পৰৱৰ্তী একসপ্তাহৰ পাছত ভাৰতৰ প্ৰতিখন ৰাজ্যত কা আইন বলবৎ কৰা হব ।
এই বিষয়ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি ৰাজু বৰা,দেৱেন শৰ্মা, সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া, বিতু সোণোৱালে এক প্ৰেছ বিবৃতি যোগে স্পষ্ট কৰি কয় যে, কা আমি কেতিয়াও নামানো, অসম ডাষ্টবিন নহয় ।
আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে পুনৰ আমাৰ স্থিতি স্পষ্ট কৰি কৈছো যে যি খন আইনে অসম, অসমীয়াৰ ভৱিষ্যতলৈ অন্ধকাৰ কঢ়িয়াই আনিব । যিখন আইনে ভৱিষ্যতে অসমীয়াক অস্তিত্বৰ সংকটলৈ ঠেলি দিব তেনে আইনক আমি কেতিয়াও মানি নলওঁ । কা বিৰোধিতাৰে উচ্চতম ন্যায়ালয়ত বহুকেইটা গোচৰ চলি থকাৰ কাৰণে ন্যায়ালয়ক সন্মান জনাই আমি কা বিৰোধী আন্দোলন জোৰদাৰ ৰূপত সাংগঠনিকভাৱে কমাই ৰাখিছো । কিন্ত্ত যেতিয়া প্ৰয়োজন হব এই জাতি বিৰোধী আইনৰ বিপক্ষে পুনৰ আমি সক্ৰিয় ৰূপত অৱৰ্তীণ হোৱাৰ লগতে ৰাইজৰ ঘৰে ঘৰে গৈ জনমত গঠন কৰিম । এই আইনৰ বিৰোধিতাৰে পাঁচজনকৈ অসমীয়া যুৱকৰ তেজেৰে ৰাঙলী অসমৰ মাটিত কোনো কাৰণত কা আইন বলবৎ হব নোৱাৰিব । কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মজিয়াৰ পৰা আৰম্ভণিৰ দিনতেই আমি আমাৰ দৃঢ় স্থিতি স্পষ্ট কৰিছিলো অসমবাসীৰ সমুখত । সেই স্থিতি কোনো কালে সলনি নহয় ।
বিজেপিৰ মন্ত্রীয়ে সদম্ভে ঘোষণা কৰিছে যে , কা আইন বলবৎ হবই, কোনো শক্তিয়ে বাধা প্ৰদান কৰিব নোৱাৰে । আমিও কৈছো, এই আইন বিৰোধ কৰাত আমাকো কোনো শক্তিয়ে বাধা দিব নোৱাৰে । আমি অসমীয়াই ২০১৯ চনৰ পৰা ‘কেব'( পৰৱৰ্তী সময়ত কা) ৰ বিৰুদ্ধে সৰ্বশক্তি প্ৰয়োগ কৰি যুঁজ কৰি আহিছো । কেব আন্দোলনৰ ভৰপক সময়ত সৃষ্টি হোৱা অনিয়ন্ত্রিত পৰিস্থিতিৰ পৰাও বিজেপি চৰকাৰখনে শিক্ষা নলৈ পুনৰ সদম্ভদ ঘোষণা কৰিছে যে নাগৰিকত্ব সংশোধনী আইন বলবৎ কৰা হব । আমিও কৈছো,পাঁচ জনকৈ শ্বহীদ বৰণ হল, ৰাইজে প্ৰতিবাদেৰে সৃষ্টি কৰা অৰাজক পৰিস্থিতি দেখিলে । প্ৰয়োজনত ইয়াতকৈও শীৰ্ষত গৈ প্ৰতিবাদ হব, আমি জীৱন দিম তথাপি কা মানি নহওঁ।
এনআৰচিত আবেদন কৰা, নকৰা মিলাই প্ৰায় ১৭ লাখ হিন্দু বঙালীয়ে আইন বলবৎ কৰাৰ তাৎক্ষণিকভাৱে নাগৰিকত্ব লাভ কৰিব । বাংলাদেশৰ পৰিসংখ্যা বিভাগে ইতিমধ্যেই প্ৰকাশ কৰিছে যে এক কোটি, তেসত্তৰ লংখ (১কোটি, ৭৩লাখ) হিন্দু বাংলাদেশী দেশখনত আছে । আইন বলবৎ হোৱাৰ পাছত এইসকল অহাৰ বাট প্ৰশস্ত হব । পশ্চিমবংগ চৰকাৰে ইতিমধ্যেই কা আইন মানি নলওঁ বুলি ঘোষণা কৰি থৈছে । চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ অৱস্থা আমি সকলোৱে জানোৱে । বাকী থাকিল অসম । ১৭ লাখ ইতিমধ্যেই আছে, তাৰোপৰি এইখন আইন বলবৎ হোৱাৰ পাছত বাংলাদেশৰ হিন্দু বাংলাদেশীৰ সমস্ত বোজা চিৰকাললৈ বব লাগিব অসমে । যত অসমৰ ভাষা, সংস্কৃতি, পৰিচয় সকলো কাললৈ জাহ যাব আৰু এদিন ‘অসমীয়া’ বুলি আমাৰ পৰিচয় ইতিহাসৰ পাততহে কেৱল বাকী ৰবগৈ ।