মাত্ৰ চৈধ্য বছৰ বয়সতে সমগ্ৰ অসমবাসীৰ চিনাকি হৈ পৰা এটা যাদুকৰী কণ্ঠৰ অধিকাৰী মাজুলীৰ তেজস্বিতা বৰুৱাৰ অকাল মৃত্যুৰ ঘটনাই সমগ্ৰ ৰাজ্য জোঁকাৰি গৈছে ৷ তেজস্বিতাৰ মৃত্যুক লৈ কেইবাটাও কাৰণত বিশেষভাৱে চর্চিত হৈছে ৷ মুলতঃ উপযুক্ত চিকিৎসাৰ অভাৱত তেজস্বিতাৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকে কৰা অভিযোগৰ পাছত সমগ্ৰ বিষয়টোৱে চর্চা লাভ কৰিছে ৷ লগে লগে উন্মোচিত হৈছে ৰজ্যৰ চৰকাৰী স্বাস্থ্য খণ্ডৰ দুৰৱস্থাৰ ছবিখন ৷ ব্যক্তিগত খণ্ডৰ উন্নত স্বাস্থ্য ব্যৱস্থাৰ বিপৰীতে আন্তঃগাঠনিৰ অভাৱ, চিকিৎসকৰ অভাৱ আদিত একপ্ৰকাৰ শোচনীয় হৈ পৰিছে চৰকাৰী চিকিৎসা ব্যৱস্থা ৷ শুনিবলৈ আচৰিত যেন লাগিলেও ৰাজ্যৰ ৩কোটি ৩০ লাখ জনসাধাৰণৰ বিপৰীতে এতিয়াও চৰকাৰী হাস্পতালত নাই পর্যাপ্ত আইচিইউ বিছনা ৷ স্বাধীনতাৰ ৭৫ বছৰ সম্পূর্ণ কৰাৰ এই ঐতিহাসিক মুহুর্ত ঢাক ধোল বজাই উদযাপন কৰাৰ সময়তে সাধাৰণ জনতাই উপযুক্ত চিকিৎসাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৷
চৰকাৰী তথ্য অনুসৰি তেজস্বিতাৰ জন্মস্থান মাজুলীত বর্তমান আই চি ইউ বিছনা আৰু ভেন্টিলেটৰ সংখ্যা হৈছে ৫ খন ৷ আনহাতে মাজুলীত আছে ২৫ খন অক্সিজেন যুক্ত বিছনা ৷ উল্লেখ্য যে, অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনত যোৱা ১৬ ছেপ্তেম্বৰত স্বাস্থ্য বিভাগৰ মন্ত্ৰী য়ে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই ৰাজ্যৰ চিকিৎসা ক্ষেত্ৰৰ বিভিন্ন বিষয়ৰ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত ৰাজ্যৰ চিকিৎসা খণ্ডৰ কেতবোৰ ফোপোলা স্বৰূপ উন্মোচিত হৈছিল ৷ স্বাস্থ্যমন্ত্ৰীয়ে বিধান সভাৰ মজিয়াত প্ৰকাশ কৰা অনুসৰি ৰাজ্যৰ মুঠ ৭৬৮ টা উপ স্বাস্থ্য কেন্দ্ৰৰ নিজা চৰকাৰী ভৱন নাই। ইয়াৰে ৬৫৮ টা উপ স্বাস্থ্য কেন্দ্ৰৰ ভৱন ভাড়াত লৈ চলাই থকা হৈছে। অসমৰ ৩ কোটি ২৫ লাখ জনসংখ্যাৰ বিপৰীতে, বৰ্তমান ৰাজ্যৰ স্বাস্থ্য প্রতিষ্ঠান সমূহত (মেডিকেল কলেজ আৰু হাস্পতাল /জিলা চিকিৎসালয় / মহকুমা অসামৰিক চিকিৎসালয় / সমুহীয়া স্বাস্থ্যকেন্দ্র / প্রাথমিক স্বাস্থ্যকেন্দ্র) থকা আইচিইউ বিছনাৰ সংখ্যা মাত্ৰ ২১২৩ খন ৷ আনহাতে, অক্সিজেন যুক্ত বিছনাৰ সংখ্যা ১৯৩০ খন ৷ৰাজ্যত ১৫৫৬ খন ভেন্টিলেটৰ সহায়ক বিছনা আছে। ফেচবুকযোগে দেবব্ৰত শইকীয়াই উল্লেখ কৰা অনুসৰি বৰ্তমান ৰাজ্যৰ ২৩ খন জিলা চিকিৎসালয়ত আইচিইউ বিছনা উপলব্ধ ৷ ইয়াৰে ভিতৰত ৩খন জিলা চিকিৎসালয়ত আইচিইউ বিছনা কার্যক্ষম নহয় ৷ ১ খন জিলা চিকিৎসালয়ত আইচিইউ বিছনা নাই। স্বাভাৱিকতেই ৰাজ্যৰ চৰকাৰী খণ্ডৰ এই দুৰৱস্থাৰ কুফল ভুগিব লগীয়া হৈছে দৰিদ্ৰ অথবা মধ্যবিত্ত শ্ৰেণীৰ লোকসকলে ৷ কিয়নো ধনী শ্ৰেণীৰ লোকসকলে ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰিবলৈ সমর্থ ৷ কিন্তু ৰাজ্যৰ দুখীয়া শ্ৰেণীৰ কথা চৰকাৰে ভাবিবনে ? নে কেবল ভোট দিয়াৰ সময়তহে তেওঁলোকলৈ মনত পৰিব ? কিমানজনী তেজস্বিতাই বলিদান দিলে ৰজাঘৰীয়াৰ চকু মেল খাব ? এয়া এতিয়া সাধাৰণ ৰাইজৰ মনৰ প্ৰশ্ন হৈ পৰিছে ৷