বিয়া মানেই এক আনন্দমুখৰ পৰিৱেশ ৷ খাদ্যৰ পৰা আৰম্ভ কৰি সাজ-পোচাকলৈকে ভাৰতীয় বিয়াত দেখা যায় ব্যাপক জাকজমকতা ৷ কিন্তু এনে এক পৰিৱেশৰ মাজতে উত্তৰাখণ্ডৰ হালদ্বাণীত সংঘটিত হ’ল এক অদ্ভূত ঘটনা ৷ দৰাৰ পৰিয়ালে ‘সস্তীয়া’ লেহেংগা পঠোৱাৰ পিছতে এগৰাকী কইনাই বিয়া বাতিল কৰে বুলি টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে।
প্ৰকাশ পোৱা অনুসৰি বিয়াৰ মাত্ৰ কেইদিনমান আগতে মহিলাগৰাকীয়ে আলমোৰাৰ দৰাজনৰ সৈতে বিয়াত নবহিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে ৷ উল্লেখ্য যে দৰাৰ পিতৃয়ে তেওঁৰ বোৱাৰীলৈ এযোৰ লেহেংগা প্ৰেৰণ কৰিছিল ৷ যাৰ মূল্য আছিল ১০ হাজাৰ । কম দাম আৰু নিম্নমানৰ বাবে কইনা গৰাকীয়ে লেহেংগাযোৰ পচন্দ কৰা নাছিল বুলি প্ৰতিবেদনত প্ৰকাশ কৰা হৈছে। চলিত বৰ্ষৰ জুন মাহত দুয়োৰে বাগ্দান সম্পন্ন হৈছিল ৷ তেওঁলোকৰ বিয়াৰ তাৰিখ ৫ নৱেম্বৰত নিৰ্ধাৰণ কৰা হৈছিল।
বিষয়টোক লৈ দুয়োটা পৰিয়ালে আৰক্ষীৰ কাষ চাপিছিল বুলি প্ৰকাশ পাইছে ৷ কোতৱালি আৰক্ষী থানাৰ আৰক্ষীয়ে কোনোমতে তেওঁলোকক শান্ত কৰি ঘৰলৈ পঠিয়াই দিয়ে। কিন্তু দৰা পৰিয়ালে পুনৰ এই বিষয়টো উত্থাপন কৰি কয় যে তেওঁলোকে ইতিমধ্যে বিয়াৰ নিমন্ত্ৰণী পত্ৰ ছপা কৰিছিল ৷ ইয়াৰ পিছত পুনৰ আৰক্ষীৰ হস্তক্ষেপত বিষয়টো নিষ্পত্তি কৰি বিয়াখন বাতিল কৰা হ’ল।