হাঁপানী বা এস্থমা এক দীৰ্ঘদিনীয়া আৰু দুৰাৰোগ্য ৰোগ। সেয়েহে এই ৰোগত ভোগা ৰোগীয়ে গোটেই জীৱন এই ৰোগৰ সৈতে জীয়াই থাকিব লগা হয়। কিন্তু চিকিৎসাৰ দ্বাৰা ইয়াৰ তীব্ৰতা কিছু পৰিমাণে হ্ৰাস কৰিব পাৰি।
প্ৰতি বছৰে ৭ মে’ৰ দিনটো বিশ্ব হাঁপানী দিৱস হিচাপে পালন কৰা হয়, যাৰ উদ্দেশ্য হৈছে এই ৰোগৰ বিষয়ে মানুহক সজাগ কৰা।
শিশুৰ পৰা বৃদ্ধলৈকে সকলো বয়সৰ লোকৰ এই ৰোগৰ আশংকা থাকে। কিন্তু শিশুসকল ইয়াৰ প্ৰতি অধিক দুৰ্বল। জিনীয় হোৱাৰ উপৰিও ইয়াৰ মাতৃৰ গাখীৰ খোৱাৰ সময় কম হোৱা, ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱা, প্ৰদূষণৰ সংস্পৰ্শলৈ অহা আৰু ধূমপানৰ ফলত এই ৰোগ হ’ব পাৰে।
সংবাদ মাধ্যমৰ এক প্ৰতিবেদন অনুসৰি ‘ফৰ্টিছ এস্কৰ্টছ হাস্পতাল ফৰিদাবাদ’ৰ সঞ্চালক তথা ইউনিট হেড পালমন’লজী ডাঃ ৰবি শংকৰ ঝাই প্ৰাৰম্ভিক লক্ষণসমূহৰ বিষয়ে ব্যাখ্যা কৰিছে যাৰ সহায়ত শিশুৰ এই ৰোগ ভালদৰে নিয়ন্ত্ৰণ কৰিব পৰা যায়।
শিশুৰ হাঁপানীৰ প্ৰাৰম্ভিক লক্ষণ-
সঘনাই কাহ হোৱা-
বিশেষকৈ ৰাতি বা শাৰীৰিক ক্ৰিয়া-কলাপৰ সময়ত ধাৰাবাহিক ভাৱে কাহ হোৱা শিশুৰ হাঁপানীৰ প্ৰাৰম্ভিক লক্ষণ হ’ব পাৰে। এই কাহ শুকান বা কফৰ সৈতেও হ’ব পাৰে।
হুমুনিয়াহ কাঢ়ি থকা উশাহ-নিশাহৰ সময়ত উৎপন্ন হোৱা উচ্চ শব্দ, যাক ইংৰাজীত Wheezing বুলি কোৱা হয়। উশাহ-নিশাহৰ নলী সংকুচিত হোৱাৰ ফলত এনে হয় আৰু শিশুৰ হাঁপানীৰ লক্ষণ।
উশাহ লোৱাত কষ্ট পোৱা-
হাঁপানী ৰোগত ভোগা শিশুৱে বিশেষকৈ শাৰীৰিক পৰিশ্ৰম বা এলাৰ্জেন বা ঠাণ্ডা বতাহৰ সংস্পৰ্শলৈ অহাৰ পিছত উশাহ লোৱাত অসুবিধা বা উশাহ লোৱাত কষ্ট অনুভৱ কৰিব পাৰে।
বুকু টান হোৱা-
হাঁপানীৰ ফলত বুকুখন টান হোৱা বা অস্বস্তিৰ অনুভৱ হ’ব পাৰে।যাৰ ফলত শিশুৱে হয়তো তেওঁলোকৰ বুকুত কিবা এটাই হেঁচা মাৰি ধৰা যেন অনুভৱ কৰিব পাৰে।
ভাগৰ-
ধাৰাবাহিক কাহ আৰু উশাহ-নিশাহ লোৱাত কষ্ট পোৱাৰ ফলত হাঁপানী ৰোগত আক্ৰান্ত শিশুৰ ক্লান্তিৰ সৃষ্টি হ’ব পাৰে। বিশেষকৈ হাঁপানীৰ লক্ষণ বৃদ্ধি পোৱা সময়ছোৱাত তেওঁলোকক ভাগৰুৱা বা অলস যেন লাগিব পাৰে।
দ্ৰুতগতিত উশাহ লোৱা-
হাঁপানীৰ তীব্ৰতা বৃদ্ধিৰ ফলত শৰীৰে অক্সিজেনৰ মাত্ৰা হ্ৰাস পোৱাৰ বাবে দ্ৰুতগতিত উশাহ-নিশাহ ল’ব পাৰে। বিশেষকৈ হাঁপানীৰ আক্ৰমণৰ সময়ত পিতৃ-মাতৃয়ে নিজৰ সন্তানৰ উশাহ-নিশাহৰ হাৰ নিৰীক্ষণ কৰিব লাগে।
টোপনিৰ সমস্যা-
ৰাতি হাঁপানীৰ লক্ষণবোৰে বেছিকৈ দেখা দিয়ে, যাৰ ফলত টোপনিত ব্যাঘাত জন্মে। হাঁপানী ৰোগত আক্ৰান্ত শিশুৰ কাহ বা উশাহ-নিশাহ লোৱাত অসুবিধাৰ বাবে সঘনাই টোপনি বা সাৰ পোৱাত অসুবিধা হ’ব পাৰে।
শাৰীৰিক কাৰ্য্যকলাপ পৰিহাৰ কৰা-
হাঁপানী ৰোগী কিছুমান শিশুৱে হাঁপানীৰ লক্ষণ দেখা দিয়াৰ ভয়ত শাৰীৰিক কাৰ্য্যকলাপ বা খেলা-ধূলা এৰাই চলিব পাৰে। ইয়াৰ ফলত তেওঁলোকৰ সামগ্ৰিক শাৰীৰিক ফিটনেছ আৰু জীৱনৰ মানদণ্ডত প্ৰভাৱ পৰিব পাৰে।
এলাৰ্জীৰ লক্ষণ-
হাঁপানী ৰোগত আক্ৰান্ত শিশুৰ বিশেষকৈ ধূলি-বালি বা পোহনীয়া জীৱ-জন্তুৰ সংস্পৰ্শলৈ আহিলে হাঁচি, নাকেৰে পানী ওলোৱা, চকুৰ খজুৱতি বা ছালৰ ফোহা আদি লক্ষণো দেখা দিব পাৰে।
উদ্বেগ বা খিংখিঙীয়া হোৱা-
হাঁপানী ৰোগত ভোগা শিশুৰ মানসিক চাপৰ সৃষ্টি হয়, বিশেষকৈ হাঁপানীৰ আক্ৰমণৰ সময়ত বা এই ৰোগৰ লক্ষণে দৈনন্দিন কাম-কাজত বাধাৰ সৃষ্টি কৰাৰ সময়ত এটি শিশুৰ উদ্বেগ বৃদ্ধি কৰা বা খিংখিঙীয়া কৰিব পাৰে।
সেয়েহে পিতৃ-মাতৃয়ে শিশুসকলৰ এই লক্ষণসমূহ লক্ষ কৰি এই ৰোগৰ চিকিৎসাৰ প্ৰতি সচেতন হ’ব লাগে ৷