হাতত কেইটামান ওৱাইনৰ বটল আৰু লেতেৰা এপ্ৰ’ন পৰিহিতা মহিলা গৰাকীয়ে পেৰিছৰ ৰাজ পথত খোজকাঢ়ি থকা দৃশ্যই নিশ্চয়কৈ সেইসময়ৰ ফ্ৰান্সৰ অৰ্থনৈতিক, ৰাজনৈতিক অথবা দেশীয় আভ্যন্তৰীণ অস্থিৰতাৰ কিছুমান প্ৰশ্ন মনলৈ আনিব পাৰে!
১৯৪০ চনৰ আৰম্ভণিতে জাৰ্মানীয়ে ফ্ৰান্স আক্ৰমণ কৰি পেৰিছ অধিকাৰ কৰি লৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ ফলত সেই সময়ত পেৰিছ গভীৰ আৰ্থিক সংকটত ভুগিছিল। ছবিখন হয়তো দ্বিতীয় বিশ্বযুদ্ধই ধ্বংস কৰি পেলোৱা সাধাৰণ জনজীৱনৰ এক আভাস!
উল্লেখযোগ্য যে ১৯৪৫ চনত দ্বিতীয় বিশ্বযুদ্ধৰ অন্তত পেৰিছত অনুষ্ঠিত হোৱা পৌৰ সভাৰ নিৰ্বাচনত প্ৰথমবাৰৰ বাবে ফ্ৰান্সৰ মহিলাই ভোটাধিকাৰ লাভ কৰে। ( ফটোখন সংগৃহীত)