ইডিয়ে মুম্বাইৰ ‘পাত্ৰ চাওল’ৰ পুনৰ নিৰ্মাণৰ সৈতে জৰিত ধন ৰপ্তানিৰ তদন্ত সন্দৰ্ভত সোধা-পোছাৰ বাবে আজি মাতি পঠিয়াইছে শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতক।আনহাতে ইডিৰ তদন্ত অব্যাহত আছে নেতাগৰাকীৰ পত্নী আৰু তেওঁৰ কিছু ঘনিষ্ঠ সহযোগীৰ সৈতে।
‘পাত্ৰ চাওল’ নামেৰে জনাজাত সিদ্ধাৰ্থ নগৰ যি উত্তৰ মুম্বাই উপনগৰ গোৰেগাঁওত অৱস্থিত।৪৭ একৰ এলেকাত বিয়পি আছিল ইয়াৰ মুঠ ৬৭২ টা ঘৰ ।
২০০৮ চনত, মহাৰাষ্ট্ৰ গৃহ আৰু উন্নয়ন প্ৰাধিকৰণে (এম.এইচ.এ.ডি.এ.) এই ঘৰসমূহৰ পুনৰনিৰ্মাণৰ প্ৰকল্পটো হাতত লৈছিল আৰু ৬৭২ জন ভাৰাতীয়াক পুনৰ্বাসিত কৰিবলৈ আৰু এলেকাটো পুনৰ বিকাশ কৰিবলৈ ‘গুৰু আশীষ কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেড’ক (জি.এ.চি.পি.এল.) দায়িত্ব প্ৰদান কৰিছিল। সেয়েহে সেই সময়ত জি.এ.চি.পি.এল., এম.এইচ.এ.ডি.এ. আৰু ভাড়াতীয়াসমাজৰ মাজত এক চুক্তি স্বাক্ষৰিত হৈছিল। আজি ১৪ বছৰ হৈ গ’ল তথাপি অঞ্চলটোৰ লোকসকলে অপেক্ষা কৰি আছে তেওঁলোকৰ নতুন ঘৰটোৰ বাবে ।
ত্ৰিপাক্ষিক চুক্তি অনুসৰি, জি.এ.চি.পি.এল.-য়ে ‘পাত্ৰ চাওল’ৰ ৬৭২জন ভাৰাতীয়াক ফ্লেট প্ৰদান কৰিব আৰু এম.এইচ.এ.ডি.এ.-ৰ বাবে ফ্লেট বিকশিত কৰি আৰু বাকী এলেকাটো বিক্ৰী কৰিব।
এই সন্দৰ্ভত ইডিয়ে দাবী কৰে যে, সঞ্জয় ৰাউতৰ ঘনিষ্ঠ সহযোগী প্ৰবীণ ৰাউত আৰু জিএচিপিএলৰ আন সহযোগীসকলে এমএইচএডিএক বিপথে পৰিচালিত কৰিছিল আৰু এফএছআইৰ নজন ব্যক্তিগত বিকাশকাৰীক ইয়াক বিক্ৰী কৰিছিল ৷আনহাতে ৬৭২ জন স্থানচ্যুত ভাৰাতীয়াৰ বাবে পুনৰ্বাস অংশ বা এমএইচএডিএ অংশ নিৰ্মাণ নকৰাকৈ ৯০১.৭৯ কোটি টকা সংগ্ৰহ কৰিছিল।
পৰৱৰ্তী সময়ত জি.এ.চি.পি.এল.-য়ে মেডোজ নামৰ এটা প্ৰকল্প আৰম্ভ কৰে আৰু ফ্লেট ক্ৰেতাৰ পৰা প্ৰায় ১৩৮ কোটি টকা বুকিঙৰ বাবে লয়। ইডিয়ে অভিযোগ কৰিছে যে ‘গুৰু আশীষ’ নিৰ্মাণৰ দ্বাৰা এই ‘অবৈধ কাৰ্যকলাপৰ’ জৰিয়তে সৃষ্টি কৰা অপৰাধৰ মুঠ উপাৰ্জন হৈছে ১,০৩৯.৭৯ কোটি টকা।
‘গুৰু আশী’ষ হৈছে ‘হাউচিং ডেভেলপমেণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেড’ (এইচডিআইএল)ৰ এটা সহায়ক কোম্পানী। ইতিমধ্যে পঞ্জাৱ আৰু মহাৰাষ্ট্ৰ সমবায় (পিএমচি) বেংকত প্ৰায় ৪,৩০০ কোটি টকাৰ জালিয়াতিৰ সন্দৰ্ভত ইডি আৰু আন কেইটামান সংস্থাৰ দ্বাৰা এইচডিআইএলৰ তদন্ত চলি আছে।
সংস্থাটোৱে দাবী কৰিছে যে প্ৰবীণ ৰাউতে ৰিয়েল ইষ্টেট কোম্পানী এইচডিআইএলৰ পৰা ১০০ কোটি টকা লাভ কৰিছিল আৰু ইয়াক সঞ্জয় ৰাউতৰ পৰিয়ালকে ধৰি ‘তেওঁৰ ঘনিষ্ঠ সহযোগী, পৰিয়ালৰ সদস্য, তেওঁৰ ব্যৱসায়িক প্ৰতিষ্ঠান’ৰ বিভিন্ন একাউণ্টলৈ ‘ডাইভাৰ্ট’ কৰিছিল।
ইডিয়ে অভিযোগ কৰিছে যে ২০১০ চনত ৮৩ লাখ টকা, যি অপৰাধৰ উপাৰ্জনৰ অংশ আছিল, সঞ্জয় ৰাউতৰ পত্নী বৰ্ষা ৰাউতলৈ হস্তান্তৰ কৰা হৈছিল, যিয়ে দাদৰত এটা ফ্লেট কিনিবলৈ সেই টকা ব্যৱহাৰ কৰিছিল।
ইয়াৰ উপৰিও, মহাৰাষ্ট্ৰৰ আলিবাগৰ কিহিম সমুদ্ৰতীৰত বৰ্ষা ৰাউত আৰু স্বপ্না পাটকাৰৰ নামত কমেও আঠ ভাগ মাটি ক্ৰয় কৰা হৈছিল বুলিও ইডিয়ে অভিযোগ উত্থাপন কৰিছে।
চুক্তি অনুসৰি প্ৰকল্পটো সম্পূৰ্ণ নোহোৱালৈকে বিকাশকজনে প্ৰতি মাহে মুঠ ৬৭২ জন ভাড়াতীয়াক ভাড়া পৰিশোধ কৰিব লগা হৈছিল। অৱশ্যে ভাড়া কেৱল ২০১৪-১৫ চনলৈকে পৰিশোধ কৰা হৈছিল। তাৰ পিছত ভাৰাতীয়াসকলে ভাড়া পৰিশোধ নকৰা আৰু প্ৰকল্পটো সম্পূৰ্ণ হোৱাত পলম হোৱাৰ বিষয়ে অভিযোগ কৰিবলৈ আৰম্ভ কৰে।
ভাড়া পৰিশোধ নকৰা, বিলম্ব, আৰু বিকাশকাৰীৰ অনিয়মৰ বাবে, এম.এইচ.এ.ডি.এ.-য়ে ১২ জানুৱাৰী, ২০১৮তাৰিখে বিকাশকজনক সমাপ্তি জাননী জাৰি কৰিছিল। এই জাননীৰ বিপৰীতে, জিএচিএলৰ পৰা এফএছআই ক্ৰয় কৰা নজন বিকাশকাৰীয়ে বোম্বাই উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰিছিল। আনহাতে পুনৰ্বিকাশ প্ৰকল্পটো স্থগিত হৈ পৰিছিল যাৰ ফলত ৬৭২ জন ভাৰাতীয়া ৰৈ গৈছিল।