গ্ৰীষ্মকালৰ প্ৰখৰ ৰ’দত ছানগ্লাছ নিশ্চয় পিন্ধে আপুনিও ৷
কিন্তু আপুনি বাৰু জানেনে আমি কিয় ছানগ্লাছ পিন্ধাটো অতি প্ৰয়োজনীয়?
বা ছানগ্লাছ পিন্ধিলে আমাৰ চকুযুৰিৰ কি উপকাৰ হয়?
ছানগ্লাছ পিন্ধাৰ ফলত আমাৰ চকুযুৰি প্ৰবল সূৰ্যৰ পোহৰৰ সংস্পৰ্শলৈ নাহে, যাৰ বাবে সূৰ্যৰ পোহৰতো সহজে দেখা পোৱা যায়।
ই চকুক সূৰ্য্যৰ অতিবেঙুনীয়া (UV) ৰশ্মিৰ পৰা আৰু চকুত পোনপটীয়াকৈ পৰা উজ্জ্বল পোহৰৰ পৰা আৰু অধিক সুৰক্ষা প্ৰদান কৰে। ইউভিএ আৰু বিশেষকৈ ইউভিবি ৰশ্মিয়ে চকুৰ পৃষ্ঠীয় কলা, কৰ্ণিয়া আৰু লেন্সৰ ক্ষতি কৰে, যাৰ ফলত সময়ৰ লগে লগে চকু আৰু দৃষ্টিশক্তিৰ কেইবাটাও সমস্যা হ’ব পাৰে। আজিকালি বজাৰত বিভিন্ন ধৰণৰ ছানগ্লাছ পোৱা যায়।
অৱশ্যে সময়ৰ লগে লগে ই ফেশ্বন জগততো এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ।
কিন্তু এই ছানগ্লাছ ক্ৰয় কৰাৰ ক্ষেত্ৰতো আমি কিছু সাৱধানতা অৱলম্বন কৰা উচিত৷
আহকচোন জানোঁ যে কেনেধৰণৰ ছানগ্লাছ ক্ৰয় কৰাটো আমাৰ চকুযুৰিৰ বাবে উপকাৰী?
আমি সাধাৰণতে বজাৰৰ পৰা যিকোনো গাঢ় ৰঙৰ ছানগ্লাছ ক্ৰয় কৰোঁ ৷কিন্তু প্ৰকৃততে আমি তেনে কৰাৰ পৰা বিৰত থকা উচিত। আমেৰিকান একাডেমী অৱ অফথালম’লজিৰ মতে, যিকোনো ছানগ্লাছ কিনাৰ আগতে কিছুমান কথা মনত ৰাখিব লাগে।
• আমি ১০০ শতাংশ ইউভি ব্লকযুক্ত ছানগ্লাছহে ক্ৰয় কৰা উচিত৷ সেয়েহে ছানগ্লাছ কিনাৰ সময়ত নিশ্চিত হোৱা উচিত যে ই ১০০ শতাংশ UV ৰশ্মি বাধা প্ৰদান কৰি চকুক সুৰক্ষা প্ৰদান কৰে। কিছুমান ছানগ্লাছে ৪০০ এন এম পৰ্যন্ত UV ব্লক কৰা বুলি দাবী কৰে, সেয়েহে এইটোৱেই একমাত্ৰ ছানগ্লাছে যিয়ে ১০০ শতাংশ UV ব্লক কৰে।
• গাঢ় ৰঙৰ ছানগ্লাছ পৰিধান কৰা মানেই আপোনাৰ চকুযোৰ সুৰক্ষিত নহয়-ছানগ্লাছ কিনাৰ সময়ত ইয়াৰ গাঢ় ৰং দেখিয়েইক্ৰয় কৰা অনুচিত। গাঢ় ৰঙৰ চশমাৰ অৰ্থ এইটো নহয় যে চশমা যিমানেই গাঢ় হ’ব সিমানেই আপোনাৰ চকুৰ বাবে সুৰক্ষিত হ’ব। কেৱল ১০০ শতাংশ UV সুৰক্ষা থকা ছানগ্লাছেহে UV ৰশ্মিৰ পৰা ৰক্ষা কৰে৷
• প’লাৰাইজ লেন্সে UV সুৰক্ষা প্ৰদান নকৰে- প’লাৰাইজ লেন্সৰ ডিজাইন এনেদৰে কৰা হয় যাতে পানী বা পথত প্ৰতিফলিত হোৱা পৃষ্ঠৰ উজ্জ্বল পোহৰৰ পৰা চকুক ৰক্ষা কৰে।কিন্তু ইহঁতে UV সুৰক্ষা প্ৰদান নকৰে। গতিকে প’লাৰাইজ লেন্সৰ সহায়ত UV ৰশ্মিৰ পৰা নিজকে ৰক্ষা কৰিব পাৰি বুলি ভবা অনুচিত। ইয়াৰ বাবে বজাৰৰ পৰা UV সুৰক্ষা থকা প’লাৰাইজ লেন্সযুক্ত ছানগ্লাছহে ক্ৰয় কৰিব।
• লেন্সৰ মান- চিকিৎসকৰ প্ৰেছক্ৰিপচন অবিহনে ছানগ্লাছ ক্ৰয় কৰাৰ আগতে কেইটামান কথা মনত ৰখাটো গুৰুত্বপূৰ্ণ। উদাহৰণস্বৰূপে, ছানগ্লাছ পিন্ধি সমতল ঠাইলৈ গৈ চাওক যে আপুনি মজিয়াখন সমতল দেখিছে নে ওখোৰা-মোখৰা দেখিছে? আপুনি ক্ৰয় কৰা ছানগ্লাছযোৰৰ দুয়োখন লেন্স একে হয়নে নহয় ,নে এটাখনৰ ৰং গাঢ় আৰু আনখনৰ পাতল?
• ছানগ্লাছৰ আকাৰ- ৰ’দৰ পৰা ৰক্ষা পাবলৈ ডাঙৰ আকাৰৰ ছানগ্লাছ পিন্ধাটো জৰুৰী যাতে ৰ’দৰ পৰা নিৰ্গত অতি বেঙুনীয়া ৰশ্মি আপোনাৰ চকুত প্ৰৱেশ কৰাত ই বাধা দিয়ে।
• ৰঙীন লেন্সৰ ছানগ্লাছে ৰ’দৰ পৰা চকুক সুৰক্ষিত কৰিব নোৱাৰে- ৰঙীন লেন্সৰ ছানগ্লাছে ৰ’দৰ পৰা চকুক সুৰক্ষিত কৰিব নোৱাৰে। আনকি বাদামী বা গোলপীয়া ৰঙৰ লেন্সে অধিক পোহৰ প্ৰদান কৰে। যাৰ বাবে গলফ বা বেছবলৰ দৰে খেলৰ খেলুৱৈসকলেও এইধৰণৰ ছানগ্লাছহে পিন্ধে।
• ছানগ্লাছৰ লেন্সত আইনাৰ তৰপ থাকে যিয়ে চকুত পোহৰ প্ৰৱেশ কৰাত বাধা দিয়ে – ছানগ্লাছৰ লেন্সত থকা আইনাৰ তৰপে চকুত পোহৰ প্ৰৱেশত বাধা দিয়ে কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে ই আপোনাৰ চকুক UV পোহৰৰ পৰা সম্পূৰ্ণৰূপে ৰক্ষা কৰে৷ সেয়েহে ছানগ্লাছৰ ৰং যিয়েই নহওক সম্পূৰ্ণৰূপে অতিবেঙুনীয়া ৰশ্মী প্ৰতিৰোধ কৰিব পৰা ছানগ্লাছহে ক্ৰয় কৰা উচিত।
• সস্তীয়া চশমা ক্ৰয় কৰাৰ পৰা বিৰত থাকক- আমি সাধাৰণতে বজাৰৰ পৰা সস্তীয়া চশমা ক্ৰয় কৰোঁ। আচলতে এনে ছানগ্লাছত কেৱল গাঢ় ৰঙৰ কাঁচ বা প্লাষ্টিকৰ লেন্স থাকে যিয়ে কোনো ধৰণে অতি বেঙুনীয়া ৰশ্মিৰ পৰা আমাৰ চকুযুৰিক ৰক্ষা কৰিব নোৱাৰে। সেয়েহে আমাৰ চকুজোৰক অতিবেঙুনীয়া ৰশ্মীৰ পৰা সুৰক্ষিত কৰি ৰাখিবলৈ সদায় ভাল ঠাইৰ পৰা ১০০ শতাংশ ছানগ্লাছৰ সুৰক্ষা থকা চশমাহে ক্ৰয় কৰিব লাগে।