VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মণিপুৰত শান্তি ঘূৰাই অনাৰ কি পদক্ষেপ লোৱা হৈছে ? অমিত শ্বাহে অৱগত কৰিলে প্ৰধানমন্ত্ৰীক !!

voicedesk by voicedesk
June 26, 2023
in মুখ্য সংবাদ
মণিপুৰত শান্তি ঘূৰাই অনাৰ কি পদক্ষেপ লোৱা হৈছে ? অমিত শ্বাহে অৱগত কৰিলে প্ৰধানমন্ত্ৰীক !!
0
SHARES
20
VIEWS
Share on FacebookShare on Twitter

 

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আমেৰিকা আৰু ইজিপ্ত ভ্ৰমণ কৰি ঘৰলৈ উভতি অহাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে অৱগত কৰে। যদিও এই সন্দৰ্ভত আনুষ্ঠানিকভাৱে একো ঘোষণা কৰা হোৱা নাই, তথাপিও চৰকাৰী সূত্ৰৰ জৰিয়তে এই খবৰ প্ৰকাশ পাইছে ৷

 

তিনিদিনীয়া আমেৰিকা আৰু দুদিনীয়া ইজিপ্ত ভ্ৰমণ সমাপ্ত কৰি দেওবাৰে দেশলৈ উভতি আহে প্ৰধানমন্ত্ৰীগৰাকী। আনহাতে দেওবাৰেও মণিপুৰৰ  হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছিল। দেওবাৰে সন্ধিয়া শ্বাহে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ সৈতে বৈঠকত মিলিত হয়। শনিবাৰে বিয়লি মণিপুৰত অনুষ্ঠিত সৰ্বদলীয় বৈঠকৰ সভাপতিত্ব কৰে শ্বাহে।  বৈঠকৰ অন্তত এটা টুইটত বীৰেন সিঙে কয় যে মণিপুৰৰ পৰিস্থিতি চম্ভালিবলৈ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ ‘সক্ষম’। তেওঁ লগতে কয় যে ১৩ জুনৰ পৰা ৰাজ্যখনত  হিংসাত্মক পৰিস্থিতিৰ বাবে কোনো লোকৰ মৃত্যুৰ খবৰ পোৱা নাই।

 

পিছত সংবাদ মাধ্যমৰ সন্মুখত মণিপুৰৰ মুখ্যমন্ত্রীগৰাকীয়ে কয়- “ৰাজ্যৰ সকলো বিধায়ক, ৰাজনৈতিক দলৰ প্রতিনিধি, নাগৰিকৰ মঞ্চৰ সৈতে আলোচনা কৰা হয় ৷”লগতে মণিপুৰৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ৰাজ্য় চৰকাৰৰ কাষত থিয় দিয়াৰ আশ্বাস দিছে বুলিও তেওঁ কয়। মুখ্যমন্ত্ৰী গৰাকীয়ে  ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়েও বিশদ প্ৰতিবেদন শ্বাহক অৰ্পণ কৰে।

 

বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ প্ৰতি মণিপুৰৰ জনসাধাৰণৰ বিশ্বাস হেৰাই গৈছে বুলি  অভিযোগ উত্থাপন কৰিছে  বিৰোধী দলে ৷ এনে পৰিস্থিতিত ৰাজ্যত ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰাৰ দাবী উত্থাপন কৰিছে । অৱশ্যে শনিবাৰৰ সৰ্বদলীয় বৈঠকত শ্বাহে ৰাজ্যত জৰুৰীকালীন অৱস্থাৰ সম্ভাৱনাক খাৰিজ কৰে। বৰঞ্চ ৰাজ্যৰ বিজেপি চৰকাৰৰ ওপৰত বিশ্বাস ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। দেওবাৰৰ বৈঠকৰ কথা উল্লেখ কৰি এন বীৰেণ সিঙে টুইট কৰি কয় –“ ৰাজ্যৰ শান্তিৰ বাবে আমাৰ কাম-কাজ শক্তিশালী কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে আমাক পৰামৰ্শ দিছে।“ সূত্ৰ অনুসৰি শ্বাহে মণিপুৰত হিংসা ৰোধৰ বাবে কেন্দ্ৰই গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে বিতংভাৱে প্ৰধানমন্ত্ৰীক জনায়।

Previous Post

নেপালৰ শ শ যুৱকে যোগদান কৰিছে ৰাছিয়াত, তেওঁলোকে কিয় লৈছে পুটিনৰ বাবে অস্ত্ৰ ?

Next Post

কাজিৰঙাত বিকল তিনি বছৰ পূৰ্বে স্থাপন কৰা ১৮কোটি টকীয়া চেঞ্চৰ কেমেৰা

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
কাজিৰঙাত বিকল তিনি বছৰ পূৰ্বে স্থাপন কৰা ১৮কোটি টকীয়া চেঞ্চৰ কেমেৰা

কাজিৰঙাত বিকল তিনি বছৰ পূৰ্বে স্থাপন কৰা ১৮কোটি টকীয়া চেঞ্চৰ কেমেৰা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7