বিমান যাত্ৰাৰ সময়ত বহুলোকে এটা বিশেষ সমস্যাত ভোগে ৷ বিমানৰ উৰণ আৰম্ভ হোৱাৰ লগে লগে বহু যাত্ৰীৰ কাণ তাল মাৰি ধৰে ৷ যিকোনো শব্দ নুশুনা হৈ যায় ৷ কিন্তু এনে সমস্যা কিয় হয় জানেনে?
সঘনাই উৰাজাহাজত ভ্ৰমণ কৰা লোকৰ বাবে এই সমস্যা নতুন নহয়। বিমানৰ একঘেয়ামী শব্দ, কাণ বন্ধ হোৱাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ বহুতে কাণৰ ফুটাত কপাহ লগাই দিয়ে। এই কৌশলটো সদায় উপযোগী নহয়। আচলতে মাটিৰ পৰা উৰণৰ সময়ত বায়ুৰ চাপে কাণখন বন্ধ কৰি দিয়ে। নাক আৰু মুখৰ মাজেৰে বায়ু প্ৰৱেশ কৰি কাণৰ গহ্বৰৰ মাজৰ অংশ ভৰাই তোলে। কাণত থকা বিশেষ নলীডালে শৰীৰৰ ভিতৰৰ চাপ আৰু বাহিৰৰ চাপৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক ‘ইউষ্টিচিয়ান টিউব’ বুলি কোৱা হয়। এই নলী নাক আৰু কাণৰ লগত সংযুক্ত হৈ থাকে। নাকেৰে বায়ু প্ৰৱেশ কৰি এই নলীৰ মাজৰ অংশ ভৰাই তোলে। ফলত কাণ দুখনও বন্ধ হৈ পৰে। আকাশত সেই উচ্চতাত থকাৰ পিছত বিমানখনে পুনৰ মাটি স্পৰ্শ কৰিলেও একে সমস্যাৰ সৃষ্টি হ’ব পাৰে।
চিকিৎসকে কয় যে কপাহ বা কাণৰ প্লাগে এই সমস্যা সমাধান কৰিব নোৱাৰে। ইয়াৰ বিপৰীতে চ্যুইংগাম চোবাব পাৰে বা অলপ অলপকৈ পানী খাব পাৰে ৷