লোকসভা নিৰ্বাচনৰ দিন কেতিয়া ঘোষণা হ’ব তাক লৈ অব্যাহত থকা জল্পনা কল্পনাৰ অৱসান ঘটিল ৷ শনিবাৰে বিয়লি ৩ বজাত প্ৰকাশ পাব নিৰ্বাচনৰ সময়সূচী। প্ৰকাশ পোৱা অনুসৰি লোকসভা নির্বাচনৰ লগতে একেদিনাই চাৰিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সূচীও প্ৰকাশ কৰা হ’ব।
শুকুৰবাৰে বিয়লি নিৰ্বাচন আয়োগৰ মুখপাত্ৰৰ এক্স (পূৰ্বৰ টুইটাৰ) হেণ্ডেলত এক পোষ্টৰ জৰিয়তে এই তথ্য প্ৰকাশ কৰিছে। পিছত নিৰ্বাচন আয়োগৰ এক্স হেণ্ডেলত এই পোষ্টটো শ্বেয়াৰ কৰা হয়। প্ৰসংগক্ৰমে লোকসভা নিৰ্বাচনৰ সমান্তৰালকৈ অৰুণাচল প্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, ছিকিম আৰু ওড়িশাতো বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা।
উল্লেখ্য যে দিন ঘোষণা নহ’লেও ইতিমধ্যে ৰাজনৈতিক দলসমূহে প্ৰার্থী ঘোষণা কৰিছে ৷ কংগ্ৰেছ –বিজেপিকে ধৰি প্ৰায়বোৰ ৰাজনৈতিক দলেই প্ৰার্থী ঘোষণা কৰিছে ৷