অসম আৰক্ষীৰ উপ-পৰিদর্শক জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত ৰাখিছে চিবিআইয়ে ৷ আজি পুনৰ জোনমণি ৰাভাৰ মৃত্যু হোৱা জখলবন্ধাৰ সৰুভগীয়াত উপস্থিত হৈছে চি বি আইৰ দল। এই দলটোত আছে ১২ জন লোক ৷ আজি জোনমণি ৰাভাৰ দূর্ঘটনাৰ দৃশ্য পুনৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰে চিবিআইয়ে পুণৰ নিৰ্মাণৰ চেষ্টা কৰিব চিবিআইৰ দলে। ঘটনাস্থলীত এখন কণ্টেইনাৰ ট্ৰাক আৰু এছপ্ৰে’ছ’ বাহনো ঘটনাস্থলীলৈ আনি দূর্ঘটনাৰ দৃশ্যৰ পুনৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰে চিবিআইয়ে ৷ কিমান বেগত কণ্টেইনাৰ ট্ৰাকখন কিমান স্পীডত আহিছিল, কেনেদৰে জোনমনিৰ বাহনত খুন্দা মাৰিছিল আদি সমগ্ৰ বিষয় চিবিআই দলটোৱে চনিৰীক্ষণ কৰে ৷
উল্লেখ্য যে প্ৰথমে এই গোচৰৰ তদন্তৰ ভাৰ চিআইডিক অর্পণ কৰা হৈছিল। কিন্তু পৰৱৰ্তী সময়ত তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছিল চিবিআইক। ইয়াৰ পাছতে জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে চিবিআইয়ে ৷ যোৱা ১৫ মে’ত এক ৰহস্যজনক দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভাই। ১৫ মে’ৰ নিশা কলিয়াবৰৰ জখলাবন্ধাৰ সৰুভগীয়াত এখন ট্ৰেইলাৰৰ সৈতে মুখামুখি সংঘৰ্ষ হৈছিল জোনমণিৰ বাহনৰ। দুৰ্ঘটনাত থিতাতে মৃত্যু হৈছিল জোনমণি ৰাভাৰ। গাড়ীৰ ভিতৰতে উদ্ধাৰ হৈছিল জোনমণিৰ মৃতদেহ।
চিবিআইৰ ডিআইজি লাভলী কাটিয়াৰৰ নেতৃত্বত এটা দল অসমত উপস্থিত হৈ জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত কৰে ৷ চিবিআইৰ দলে লখিমপুৰৰ লগতে নগাঁৱতো তদন্ত চলাইছে। কিন্তু এতিয়ালৈ ৰাভাৰ মৃত্যুক লৈ কোনো স্পষ্ট তথ্য প্ৰকাশ কৰা নাই চিবিআইয়ে ৷