দুধনৈৰ এগৰাকী লোক নিৰুদ্দেশ হৈছে ৷ ঘৰৰ মানুহে বিচাৰি চলাথ কৰিছে, কিন্তু নাই, কোনো শুংসূত্ৰই নাই। বিগত ৭ টা দিনে আৰক্ষীয়েও উলিয়াব সক্ষম হোৱা নাই লোক জনৰ সন্ধান ৷ পত্নী, ভাতৃয়ে কান্দিছে মাথোঁ কান্দিছে ৷ সন্ধান লাগে স্বামীৰ, সন্ধান লাগে ভাতৃৰ ৷ ক’ত হথাৎ অন্তৰ্ধান হ’ল প্ৰায় ৪৮ বছৰীয়া লোকজন ?
নিজ স্বামীৰ সন্ধান নাপাই কান্দোনত ভাগি পৰিছে এগৰাকী মহিলাই ৷ দুধনৈৰ লাটাপাৰা গাঁৱৰ খিৰোদ দৈমাৰী নামৰ এগৰাকী লোক কাম কৰিবলৈ যোৱাৰ পিছৰে পৰা বিগত ৭ টা দিনে সন্ধানহীন হৈ আছে ৷ উল্লেখ্য যে, খিৰোদ দৈমাৰী নামৰ লোকজনে নিতৌ দিন হাজিৰা কৰি পৰিয়াল পোহপাল দি আছে ৷ অইন দিনৰ দৰেই যোৱা ৩০ অক্টোবৰ দিনাও কামলৈ বুলি ৰাতিপুৱাই ওলাই যায়, দুপৰীয়া ভাত খাবলৈ ঘৰলৈও আহে, পত্নীৰ সৈতে ভাত খাই আবেলি পুনৰ কামলৈ গুচি যায় ৷ সেই যে গ’ল আজিলৈকে আৰু উভতি নাহিল ৷ আত্মীয়কুটুম্ব ঘৰ, চহৰ, নগৰ, বিভিন্ন গাঁৱ বিচাৰি চলাথ কৰিলে পৰিয়ালৰ লোকে কিন্তু অতি ৰহস্যজনক ভাৱে আজিলৈকে লোকজনৰ নোলাল কোনো সন্ধান ৷ অতি অমাইক আৰু শান্ত স্বভাৱৰ খিৰোদ দৈমাৰীৰ নাছিল কাৰোৰেই সৈতে কাজিয়া ৷ নাই পাৰিবাৰিক সমস্যাও। কোনো কাৰণ নহোৱাকৈ কি দৰে বা কেনেকৈ এজন লোক নিৰুদ্দেশ হ’লে তাকে লৈ এতিয়া চিন্তিত পত্নী, জীয়ৰী আৰু ভাতৃ ৷ স্বামীৰ ফটোখন অনবৰতে বুকুত সাৱটি ধৰি ৰৈ আছে উভতি আহিব বুলি ৷ পৰিয়ালৰ লোকৰ আহ্বান- টেলিভিছন স্ক্ৰীনত দেখা ফোটত থকা ব্যক্তিজনক কোনো লোকে যদি কৰোবাত প্ৰত্যক্ষ কৰে তেন্তে খবৰ দিয়ক পৰিয়ালৰ লোকক নাইবা জনাওঁক নিকটৱৰ্তী আৰক্ষীক যোগাযোগ কৰিব পাৰিব এই নম্বৰটো। 8011621497 আৰু 8822729951 ৷