দুর্গোৎসৱ বুলিলেই সকলোৰে ভাললগা এটি উৎসৱ ৷ পূজাৰ সময়ছোৱাত ক’ত ক’ত সময় কটাব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ? আজি সংবাদ মাধ্যমৰ সন্মুখত তেওঁ প্ৰকাশ কৰা অনুসৰি সপ্তমীৰ দিনা হাইলাকান্দি, অষ্টমীৰ দিনা হোজাই আৰু লামডিঙত থাকিব ৷ আনহাতে নৱমীৰ দিনা সমষ্টিত পূজা চাব বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে সদৰী কৰে ৷ আজি তেওঁ দূর্গাপূজা উপলক্ষে ধমধমা, বিহামপুৰ আৰু বিল্বেশ্বৰ মন্দিৰত পূজা-অর্চনা আগবঢ়ায় ৷
ইপিনে আজি নলবাৰী জিলাৰ ধমধমা আঞ্চলিক সাৰ্বজনীন শ্ৰীশ্ৰীদুৰ্গা পূজাৰ শতবাৰ্ষিকী মহোৎসৱত উপস্থিত থাকি দেৱীৰ শ্ৰীচৰণত সেৱা জনাবলৈ পাই মই নিজকে ধন্য অনুভৱ কৰা বুলি তেওঁ উল্লেখ কৰে ৷ তেওঁ কয় –“মা দুৰ্গাই আমাক সকলোকে অপাৰ আনন্দ, শান্তি, সমৃদ্ধি প্ৰদানৰ লগতে সমগ্ৰ ৰাজ্যখনকে আগবাঢ়ি যোৱাৰ বাবে আশিস প্ৰদান কৰে তাৰেই কামনা কৰিলোঁ। ঐতিহ্যমণ্ডিত ধমধমা আঞ্চলিক শ্ৰীশ্ৰীদুৰ্গা মন্দিৰৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে ৩০ লাখ টকা প্ৰদান কৰাৰ কথা ঘোষণা কৰোঁ৷”