সমাগত গণৰাজ্য দিৱস ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আয়োজন কৰা হৈছে গণৰাজ্য দিৱসৰ কার্যসূচী ৷ খানাপাৰাত অনুষ্ঠিত হ’ব গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কার্যসূচী ৷ আনহাতে জিলা সদৰসমূহতো অনুষ্ঠিত হ’ব চৰকাৰী কার্যালয় ৷ য’ত উপস্থিত থাকিব কেইবা গৰাকীয়ো মন্ত্ৰী ৷ তেওঁলোকে এই কার্যসূচীত উত্তোলন কৰিব ৰাষ্ট্ৰীয় পতাকা ৷
প্ৰাপ্ত তথ্য অনুসৰি মন্ত্ৰী ক্ৰমে ৰঞ্জিত দাসে ডিব্ৰুগড়ত,অতুল বৰাই যোৰহাটত,ইউ জি ব্ৰহ্মই তেজপুৰত,চন্দ্ৰমোহন পাটোৱাৰীয়ে ধুবুৰীত, পৰিমল শুক্লবৈদ্যই শিলচৰত, কেশৱ মহন্তই কামৰূপত, ৰণোজ পেগুয়ে তিনিচুকীয়াত, অশোক সিংহলে বঙাইগাঁৱত, যোগেন মহনে ধেমাজিত, সঞ্জয় কিষাণে পতাকা শিৱসাগৰত, অজন্তা নেওগে মংগলদৈত, পীযূষ হাজৰিকাই মৰিগাঁৱত,বিমল বৰাই মাজুলীত, জয়ন্ত মল্ল বৰুৱাই গোলাঘাটত আৰু নন্দিতা গাৰ্লোচাই পতাকা গোৱালপাৰাত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিব ৷